-২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাবে ভাৰতৰ বৃদ্ধিৰ হাৰ ৬.৮ শতাংশ হ’ব বুলি অনুমান
নতুন দিল্লী, । দেশৰ অৰ্থনীতিৰ বাবে সুখবৰ। গ্লোবেল ৰেটিং এজেন্সী মুডীজে ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ ভাৰতৰ অৰ্থনৈতিক বিকাশৰ পূৰ্বানুমান ৬.১ শতাংশৰ পৰা ৬.৮ শতাংশলৈ বৃদ্ধি কৰিছে।
ৰেটিং এজেন্সী মুডীজে সোমবাৰে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ পূৰ্বাভাস ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাবে ৬.৮ শতাংশলৈ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে সংস্থাটোৱে ২০২৪ চনত ভাৰতৰ অৰ্থনীতি ৬.১ শতাংশ হাৰত বৃদ্ধি পাব বুলি অনুমান কৰিছিল। ইয়াৰ সমান্তৰালকৈ সংস্থাটোৱে কৈছে যে জি-২০ দেশৰ ভিতৰত ভাৰত আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি হৈয়ে থাকিব।
বিশ্বজুৰি ‘প্ৰত্যাশিততকৈ শক্তিশালী’ অৰ্থনৈতিক তথ্য আৰু প্ৰতিকূল অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২৩ চনৰ ভাৰতৰ বৃদ্ধিৰ পূৰ্বাভাস বৃদ্ধি কৰিছে মুডীজে। সংস্থাটোৱে জনোৱা মতে, ২০২৫ চনত ভাৰতৰ জিডিপি বৃদ্ধিৰ হাৰ ৬.৪ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। মুডীয়ে কয় যে উচ্চ কম্পাঙ্ক সূচকে ২০২৪ চনৰ মাৰ্চ ত্ৰৈমাসিকলৈকে ছেপ্টেম্বৰ আৰু ডিচেম্বৰ ত্ৰৈমাসিকৰ শক্তিশালী গতি অব্যাহত ৰাখিছে বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে ২০২৩ চনৰ কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ জিডিপিৰ পৰিসংখ্যা আশা কৰাতকৈ ভাল হৈছে, যাৰ বাবে ৰেটিং এজেন্সী মুডীজে ২০২৪ চনৰ কেলেণ্ডাৰ বৰ্ষৰ বাবে অৰ্থনৈতিক বৃদ্ধিৰ হাৰৰ অনুমান বৃদ্ধি কৰিছে। দৰাচলতে ২০২৩ চনৰ কেলেণ্ডাৰ বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত (অক্টোবৰ-ডিচেম্বৰ) ভাৰতৰ বাস্তৱিক জিডিপি বৃদ্ধিৰ হাৰ বাৰ্ষিক ভিত্তিত ৮.৪ শতাংশ হৈছে। এনে পৰিস্থিতিত ২০২৩ চনত ভাৰতৰ অৰ্থনীতি ৭.৭ শতাংশ হাৰত বৃদ্ধি পাব বুলি আশা কৰা হৈছে।
