নতুন দিল্লী, ২৭ জুলাই (হি.স.)। সময়ৰ লগে লগে পৰিৱৰ্তন হয় মানুহৰ প্ৰয়োজনীয়তাৰ। বাহনৰ ক্ষেত্ৰতো এই পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। বিগত দশকত ভাৰতীয় গাড়ী বজাৰৰ বৃদ্ধিৰ মূল কাৰণ হৈছে যুৱ, প্ৰথমবাৰৰ বাবে গাড়ীৰ মালিক হোৱাৰ গৌৰৱ। এতিয়া সেই ক্ৰেতাসকলৰ বয়স তথা পৰিয়াল বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকক অধিক ঠাই থকা গাড়ী এখনৰ প্ৰয়োজন হয়।
বজাৰ অনুসৰি বাহনৰ বডি ষ্টাইল কেনেকৈ সলনি হয় সেয়া আকৰ্ষণীয়। বিগত দুটা দশকত এছ ইউ ভিৰ উত্থান প্ৰত্যাহ্বানহীন হৈ আছে। ভাৰতত আজি বিশেষকৈ টাটা পাঞ্চ আৰু হুণ্ডাই এক্সটাৰৰ দৰে এণ্ট্ৰি লেভেল বাহনৰ সৈতে দেশত বিক্ৰী হোৱা প্ৰতি পাঁচখন বাহনৰ ভিতৰত তিনিখন এছ ইউ ভি বডি ষ্টাইলৰ হৈ আহিছে।
কিন্তু বৰ্তমান এটা সূক্ষ্ম পৰিৱৰ্তন ঘটিছে। সম্প্ৰতি ছয় আৰু সাতজনীয়া বাহনৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। আপুনি ইয়াক বহুমুখী বাহন (এমপিভি), বহু ইউটিলিটি বাহন (এম ইউ ভি) বা আনকি তিনি শাৰীৰ এছ ইউ ভি বুলিও ক’ব পাৰে। এতিয়া আৰু অধিক জনপ্ৰিয় হৈ পৰা টয়োটা ইনোভাৰ চিৰস্থায়ী আবেদনত এই কথা স্পষ্ট হৈ পৰিছে।
কিয়া কাৰ্নিভাল আৰু টয়োটা ভেলফায়াৰৰ ক্ৰেতাসকলে এমপিভিৰ প্ৰতি আকৰ্ষিত, কিছুমানে অধিক বিশাল বাহনৰ সুবিধাৰ বাবে বিলাসী ব্ৰেণ্ডসমূহ ত্যাগ কৰিছে। কিন্তু মাৰুতি চুজুকি এৰ্টিগা — যাৰ ১৬,১৪০ ইউনিট এই বছৰৰ মাত্ৰ মে’ মাহত বিক্ৰী হৈছিল — যিখন সদায় দেশৰ শীৰ্ষ পাঁচখন সৰ্বাধিক বিক্ৰী হোৱা বাহনৰ ভিতৰত থাকে। এৰটিগা বাণিজ্যিক টেক্সি ব্যৱসায়ৰ এটা মূল উপাদান হৈ পৰিছে, লগতে পৰিয়ালৰ মাজতো ই প্ৰবল জনপ্ৰিয়তা লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
