নতুন দিল্লী, ১৫ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি)ৰ হাৰত সৰ্বাংগীন সংস্কাৰৰ ঘোষণাক দেশৰ ব্যৱসায়ী সমাজে তীব্ৰ আদৰণি জনাইছে আৰু শলাগ লৈছে। ব্যৱসায়ীসকলে বিশ্বাস কৰে যে এই পৰিৱৰ্তন সাধাৰণ নাগৰিকৰ ওপৰত কৰ বোজা হ্ৰাস কৰা আৰু উপভোগক প্ৰসাৰিত কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ।
প্ৰধানমন্ত্ৰী মোদীয়ে জি এছ টিত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ অনাৰ ঘোষণাক আদৰণি জনাই বিজেপিৰ সাংসদ তথা সৰ্বভাৰতীয় ব্যৱসায়ী কনফেডাৰেচন (কেট)ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰবীণ খাণ্ডেলৱালে শুকুৰবাৰে কয় যে এই সাহসী পদক্ষেপে ভাৰতৰ ব্যৱসায় আৰু অৰ্থনীতিৰ বাবে গেম চেঞ্জাৰ হিচাপে প্ৰমাণিত হ’ব।
খাণ্ডেলৱালে কয় যে দৈনন্দিন সামগ্ৰীৰ জি এছ টিৰ হাৰ হ্ৰাস কৰি কৰ স্লেব সৰল কৰাৰ এই পদক্ষেপে ক্ষুদ্ৰ ব্যৱসায়ী, এম এছ এম ই আৰু খুচুৰা খণ্ডৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব আৰু উৎসৱৰ বতৰৰ পূৰ্বে অৰ্থনীতিক নতুন গতি প্ৰদান কৰিব। তেওঁ কয় যে প্ৰস্তাৱিত জি এছ টি হাৰ যুক্তিসংগতকৰণ, বিশেষকৈ অত্যাৱশ্যকীয় আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ ওপৰত কৰ হ্ৰাসে সাধাৰণ নাগৰিকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। ইয়াৰ ফলত ক্ৰয় ক্ষমতা বৃদ্ধি পাব আৰু ক্ষুদ্ৰ ব্যৱসায়ী আৰু এম এছ এম ইয়ে সকাহ পাব।
কেট (CAT)ৰ সাধাৰণ সম্পাদক খাণ্ডেলৱালে জি এছ টিৰ এই সংস্কাৰে গাঁথনি সৰল কৰি তুলিব আৰু মানি চলাৰ বোজা হ্ৰাস কৰিব বুলি কয়। ইয়াৰ সমান্তৰালভাৱে ব্যৱসায় কৰাত সহজ আৰু জীৱন-যাপনৰ সুবিধাৰ চৰকাৰৰ এজেণ্ডাও শক্তিশালী হ’ব৷ ক্ৰমবৰ্ধমান অৰ্থনীতিৰ প্ৰয়োজন অনুযায়ী জি এছ টি গঢ় দি প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ সৰ্বাংগীন বৃদ্ধি, ঘৰুৱা ব্যৱসায় সবলীকৰণ আৰু ভাৰতক বিশ্ব অৰ্থনৈতিক মহাশক্তি হিচাপে গঢ়ি তোলাৰ প্ৰতি নিজৰ অটল দায়বদ্ধতা প্ৰদৰ্শন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
