নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি কৰ্তৃপক্ষই কম মূল্যৰ দাবীৰ বাবে নথিপত্ৰ প্ৰক্ৰিয়া সৰল কৰাৰ প্ৰস্তাৱ দিছে।
শনিবাৰে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কয় যে বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি কৰ্তৃপক্ষই গঠন কৰা সমিতিখনে বিনিয়োগকাৰীৰ কম মূল্যৰ দাবীৰ বাবে সৰলীকৃত নথিপত্ৰৰ প্ৰস্তাৱ আগবঢ়াইছে। মন্ত্ৰালয়ৰ মতে, আই ই পি এফ এয়ে গ্ৰহণ কৰাৰ পিছত কমিটীৰ পৰামৰ্শ ৫ লাখ টকা (ভৌতিক ছিকিউৰিটিৰ বাবে), ১৫ লাখ টকা (ডিমেট ছিকিউৰিটিৰ বাবে) আৰু ১০ হাজাৰ টকা পৰ্যন্ত লভ্যাংশৰ দাবীৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।
আই ই পি এফ এৰ হাতত থকা মুঠ দাবীহীন শ্বেয়াৰৰ সংখ্যা ১.১ বিলিয়নতকৈ অধিক, যাৰ মূল্য প্ৰায় ১ লাখ কোটি টকা, আনহাতে দাবী নকৰা লভ্যাংশৰ মুঠ মূল্য প্ৰায় ৬,০০০ কোটি টকা। আই ই পি এফ এ কমিটীয়ে বৰ্তমানৰ প্ৰক্ৰিয়াসমূহ পৰ্যালোচনা কৰিছিল আৰু কম মূল্যৰ দাবীৰ ক্ষেত্ৰত নথিপত্ৰ সৰল কৰিবলৈ সংস্কাৰৰ পৰামৰ্শ দিছিল। এই পদক্ষেপে সময়সীমা বহু পৰিমাণে হ্ৰাস কৰিব, স্বচ্ছতা বৃদ্ধি কৰিব আৰু বিনিয়োগকাৰীক হেঁচামুক্ত সেৱা আগবঢ়াব বুলি আশা কৰা হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, কমিটীখনত কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয় (এমচিএ), ইনভেষ্টাৰ এডুকেচন এণ্ড প্ৰটেকচন ফাণ্ড অথৰিটি (আইইপিএফএ), ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি), ইনষ্টিটিউট অৱ চাৰ্টাৰ্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএআই), ইনষ্টিটিউট অৱ কষ্ট একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (আইচিএমএআই), ইনষ্টিটিউট অৱ কোম্পানী সচিব অৱ ইণ্ডিয়া (আইচিএছআই), ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই), ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (এফআইচিচিআই), পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (পিএইচডিচিচিআই), কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী (চিআইআই), আৰু ৰেজিষ্ট্ৰাৰছ এছ’চিয়েচন অৱ ইণ্ডিয়া (ৰেইন)। কমিটীয়ে আই ই পি এফ এৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ
