নতুন দিল্লী, ৩০ জুন (এইচ এছ)। কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা ৩০ জুনৰ পৰা ৫ জুলাইলৈ স্পেইন, পৰ্তুগাল আৰু ব্ৰাজিললৈ আনুষ্ঠানিক ভ্ৰমণলৈ যাব।এই সময়ছোৱাত তেওঁ বিত্ত মন্ত্ৰালয়ৰ অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব দিব।
বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুসৰি স্পেইনৰ চেভিল ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰসংঘই আয়োজন কৰা উন্নয়নৰ বাবে বিত্তীয় সাহায্যৰ চতুৰ্থ আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। এই সন্মিলনৰ বিষয়বস্তু হ’ব ‘এফএফডি৪ৰ ফলাফলৰ পৰা ৰূপায়ণলৈ: বহনক্ষম উন্নয়নৰ বাবে ব্যক্তিগত মূলধনৰ সম্ভাৱনাক ব্যৱহাৰ কৰা’। ইয়াৰ সময়ত সীতাৰমণে জাৰ্মানী, পেৰু আৰু নিউজিলেণ্ডৰ জ্যেষ্ঠ মন্ত্ৰী আৰু ইউৰোপীয় বিনিয়োগ বেংকৰ সভাপতিক সাক্ষাৎ কৰিব।
মন্ত্ৰালয়ৰ মতে, পৰ্তুগালৰ লিছবন ভ্ৰমণৰ সময়ত সীতাৰমণে পৰ্তুগালৰ বিত্তমন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। ইয়াৰ উপৰিও প্ৰধান বিনিয়োগকাৰী আৰু ভাৰতীয় প্ৰব্ৰজনকাৰীৰ সৈতেও মত বিনিময় কৰিব। ৰিঅ’ ডি জেনেইৰ’ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ভাৰতৰ গৱৰ্ণৰ হিচাপে নিউ ডেভেলপমেণ্ট বেংকৰ (এনডিবি) দশম বাৰ্ষিক বৈঠকত ভাষণ দিব আৰু ব্ৰিকছৰ বিত্তমন্ত্ৰী আৰু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰৰ বৈঠক (এফএমচিবিজি)তো অংশগ্ৰহণ কৰিব।
এনডিবিৰ বৈঠকৰ অংশ হিচাপে এনডিবিৰ ফ্লেগশ্বিপ গভৰ্ণৰ আলোচনা চক্ৰৰ সময়ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও ‘গ্ল’বেল চাউথৰ বাবে এটা প্ৰিমিয়াৰ মাল্টিলেটেৰেল ডেভেলপমেণ্ট বেংক নিৰ্মাণ’ বিষয়ক ভাষণ প্ৰদান কৰিব। ইয়াৰ উপৰিও এনডিবিৰ বৈঠকৰ সময়ত বিত্তমন্ত্ৰীয়ে ব্ৰাজিল, চীন, ইণ্ডোনেছিয়া আৰু ৰাছিয়াৰ সমকক্ষসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
