নতুন দিল্লী, ০১ ডিছেম্বৰ (হি.স.)। ৰাজহুৱা খণ্ডৰ তেল আৰু গেছ বিপণন কোম্পানীসমূহে শুকুৰবাৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ২১ টকা বৃদ্ধি কৰে। কিন্তু ঘৰুৱা এল পি জিৰ মূল্য বৃদ্ধি হোৱা নাই। বাণিজ্যিক গেছ চিলিণ্ডাৰৰ বৰ্ধিত হাৰ কাৰ্যকৰী হৈছে।
ইণ্ডিয়ান অইলৰ ৱেবছাইটৰ তথ্য অনুসৰি ৰাজধানী দিল্লীত ১৯ কেজিৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য ১৭৭৫ টকাৰ পৰা ১৭৯৬.৫০ টকালৈ বৃদ্ধি পাইছে। এতিয়া মুম্বাইত এটা বাণিজ্যিক গেছ চিলিণ্ডাৰৰ বাবে ১৭৪৯ টকা দিব লাগিব। ইয়াৰ মূল্য চেন্নাইত ১৯৬৮.৫০ টকা আৰু কলকাতাত ১৯০৮ টকা হৈছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১ নৱেম্বৰত তেল আৰু গেছৰ বিপণন কোম্পানীসমূহে বাণিজ্যিক গেছৰ মূল্য ১০০ টকা বৃদ্ধি কৰিছিল। ইয়াৰ পিছত ১৬ নৱেম্বৰত ইয়াৰ মূল্য ৫৭ টকা হ্ৰাস কৰা হয়।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ শংকৰ/মনোজ/অৰবিন্দ
