নতুন দিল্লী, ০৪ ছেপ্টেম্বৰ (হি.স.)। জি এছ টি পৰিষদে সামগ্ৰী আৰু সেৱা কৰ (জি এছ টি) ব্যৱস্থাৰ ব্যাপক পৰিৱৰ্তনত অনুমোদন জনাইছে। এই পৰিৱৰ্তনৰ লগে লগে কোকাকোলা আৰু পেপচিৰ দৰে জনপ্ৰিয় শীতল পানীয় আৰু অন্যান্য অ-মদ্যপানীয় এতিয়া ব্যয়বহুল হৈ পৰিব। জি এছ টি পৰিষদে কাৰ্বনেটেড পানীয়ৰ জি এছ টিৰ হাৰ ২৮ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰিবলৈ অনুমোদন জনাইছে। ২২ ছেপ্টেম্বৰৰ পৰা অৰ্থাৎ নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা কাৰ্যকৰী হ’ব এই নতুন হাৰ।
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জি এছ টি পৰিষদৰ ৫৬ সংখ্যক বৈঠকৰ অন্তত ইয়াত অনুষ্ঠিত সংবাদমেলত এই তথ্য প্ৰদান কৰে। সীতাৰমণে সংবাদ মাধ্যমক অৱগত কৰে যে নতুন জি এছ টি ব্যৱস্থাৰ সৰ্বাংগীন সংস্কাৰৰ অধীনত এতিয়া জি এছ টি পৰিষদেও ফল বা ফলৰ ৰসৰ পৰা তৈয়াৰী কাৰ্বনেটেড পানীয়ৰ জি এছ টিৰ হাৰ ২৮ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰিছে।
জি এছ টিৰ হাৰ বৃদ্ধিৰ বাবে এতিয়া শীতল পানীয় ব্যয়বহুল হৈ পৰিব বুলিও তেওঁ কয়। ইয়াৰ সমান্তৰালকৈ আন আন অ-মদ্যপানীয়ও ব্যয়বহুল হৈ পৰিব, কিয়নো এই সামগ্ৰীসমূহৰ ওপৰত বৰ্তমান জি এছ টিৰ হাৰ ১৮ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰা হৈছে। লগতে জি এছ টি পৰিষদে চেনি বা অন্যান্য মিঠা বা সোৱাদযুক্ত সকলো সামগ্ৰীৰ জি এছ টি হাৰ ২৮ শতাংশৰ পৰা ৪০ শতাংশলৈ বৃদ্ধি কৰিছে। কিন্তু ফলৰ পাল্প বা ফলৰ ৰস ভিত্তিক পানীয়ৰ ওপৰত (ফলৰ কাৰ্বনেটেড পানীয় বা ফলৰ ৰস কাৰ্বনেটেড পানীয়ৰ বাহিৰে) জি এছ টিৰ হাৰ ১২ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্ৰাস কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
