নতুন দিল্লী, ২১ জুন (হি.স.)। ছাদত সৌৰ শক্তি কেন্দ্ৰ স্থাপনৰ প্ৰচাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২.৩ কোটি টকাৰ ষ্টাৰ্টআপ আঁচনি আৰম্ভ কৰিছে। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে এই কথা ঘোষণা কৰিছে। ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (এন আই এছ ই)ৰ সহযোগত আৰু ষ্টাৰ্টআপ ইণ্ডিয়া, ডি পি আই আই টিৰ সমন্বয়ত এম এন আৰ ইৰ তত্বাৱধানত ইয়াক ৰূপায়ণ কৰা হৈছে।
এম এন আৰ ইয়ে শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত কয় যে ২.৩ কোটি টকাৰ ষ্টাৰ্টআপ ইনোভেচন চেলেঞ্জ ঘোষণা কৰা হৈছে, যাৰ লক্ষ্য হৈছে দেশত ছাদত সৌৰশক্তি স্থাপন আৰু নবীকৰণযোগ্য শক্তি গ্ৰহণৰ কাম ত্বৰান্বিত কৰা। ইয়াৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২০ আগষ্ট, আনহাতে ফলাফল ঘোষণা কৰা হ’ব ১০ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে। ষ্টাৰ্টআপ ইণ্ডিয়া ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব।
এম এন আৰ ইৰ তথ্য অনুসৰি নতুন দিল্লীৰ অটল অক্ষয় উৰ্জা ভৱনত নবীকৰণযোগ্য শক্তি কৰ্মশক্তিৰ বাবে দক্ষতা বিকাশৰ ৰাষ্ট্ৰীয় সন্মিলনৰ সময়ত চৰকাৰে ছাদৰ ওপৰত সৌৰ (আৰ টি এছ) আৰু বিতৰিত নবীকৰণযোগ্য শক্তি (ডি আৰ ই) প্ৰযুক্তিৰ ওপৰত উদ্ভাৱনী প্ৰকল্প ষ্টাৰ্ট-আপ চেলেঞ্জ আৰম্ভ কৰিছে। এই প্ৰত্যাহ্বানৰ জৰিয়তে গ্ৰীণ টেক, ইণ্টাৰনেট অৱ থিংছ (আই অ’ টি), এ আই, ব্লকচেইন, কনষ্ট্ৰাকচন, এনাৰ্জি হাৰ্ডৱেৰ, ফিনটেক আৰু ৱেষ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত বহুতো ষ্টাৰ্টআপক আদৰণি জনোৱা হ’ব।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি নিৰ্বাচিত উদ্ভাৱকসকলে মুঠ ২.৩ কোটি টকাৰ পুৰস্কাৰৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব, য’ত প্ৰথম পুৰস্কাৰৰ বাবে ১ কোটি টকা, দ্বিতীয় পুৰস্কাৰৰ বাবে ৫০ লাখ টকা, তৃতীয়ৰ বাবে ৩০ লাখ টকা আৰু ৫ লাখ টকাকৈ ১০ টা সান্ত্বনা পুৰস্কাৰৰ বাবে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। বিজয়ীসকলে এমএনআৰই আৰু এনআইএছইৰ সহায়ত ডমেইন বিশেষজ্ঞ আৰু বিনিয়োগকাৰীৰ পৰা ইনকিউবেচন সমৰ্থন, পাইলট ৰূপায়ণৰ সুযোগ আৰু নিৰ্দেশনা লাভ কৰিব।
মন্ত্ৰালয়ে কয় যে এই ৰাষ্ট্ৰীয় উদ্ভাৱন প্ৰত্যাহ্বানৰ লক্ষ্য হৈছে ভাৰতৰ ছাদৰ ওপৰত সৌৰ আৰু বিতৰিত শক্তি ব্যৱস্থাৰ সফল সমাধান চিনাক্তকৰণ আৰু সমৰ্থন কৰা। ইয়াক ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠান (এন আই এছ ই)ৰ সহযোগত আৰু ষ্টাৰ্টআপ ইণ্ডিয়া, ডি পি আই আই টিৰ সমন্বয়ত এম এন আৰ ইৰ তত্বাৱধানত ৰূপায়ণ কৰা হৈছে। ইয়াৰ বাবে আবেদন https://www.startupindia.gov.in/content/sih/en/ams-application/challenge.html?applicationId=680b3ebbe4b0611108b201e5।
এই লিংকৰ জৰিয়তে কৰিব পাৰি ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
