নতুন দিল্লী, ১৯ জুলাই (হি.স.)। অনলাইন বেটিং এপৰ গোচৰৰ তদন্তৰ সৈতে জড়িত প্ৰযুক্তিৰ দৈত্য গুগল আৰু মেটাক জাননী জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ২১ জুলাইত এই টেক কোম্পানীসমূহক সোধা-পোছাৰ বাবে মাতিছে।
শনিবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, বেটিং এপ্লিকেচনৰ সৈতে জড়িত ধন সৰবৰাহৰ অভিযোগৰ তদন্তৰ সৈতে জড়িত প্ৰযুক্তিৰ দৈত্য গুগল আৰু মেটাক ইডিয়ে জাননী জাৰি কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বেটিং এপৰ গোচৰত ২১ জুলাইত গুগল আৰু মেটাক চমন কৰিছে।
লাভ কৰা তথ্য অনুসৰি, গুগল আৰু মেটা প্লেটফৰ্মে বিজ্ঞাপনৰ জৰিয়তে বেটিং এপসমূহৰ প্ৰচাৰ কৰি আছে আৰু ব্যৱহাৰকাৰীসকলৰ বাবে ইয়াক সহজে প্ৰৱেশ কৰিবলৈ সক্ষম কৰিছে। এই অবৈধ এপসমূহৰ প্ৰচাৰৰ ক্ষেত্ৰত ডিজিটেল প্লেটফৰ্মৰ ভূমিকা সম্পৰ্কে তদন্ত চলাই আছে সংস্থাটোৱে, যিবোৰৰ ওপৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইন, ২০০২ (পিএমএলএ)ৰ সম্ভাৱ্য উলংঘাৰ বাবে তদন্ত চলি আছে।
উল্লেখযোগ্য যে মুম্বাইৰ চাৰিটা স্থানত এটা ডাঙৰ বক্স ট্ৰেডিং আৰু অনলাইন বেটিং কেছত অভিযান চলোৱাৰ কিছুদিন পিছতে ইডিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে, য’ত ৩.৩ কোটি টকাৰ হিচাপহীন নগদ ধন, বিলাসী ঘড়ী, গহনা, বিদেশী মুদ্ৰা আৰু বিলাসী বাহন জব্দ কৰা হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে তালাচী অভিযানৰ সময়ত নগদ ধন গণনাৰ মেচিনো উদ্ধাৰ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
