নতুন দিল্লী, ১৮ অক্টোবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ অক্টোবৰত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মহাৰাষ্ট্ৰত ৫১১টা প্ৰমোদ মহাজন গ্ৰাম্য দক্ষতা বিকাশ কেন্দ্ৰ মুকলি কৰিব। এই কেন্দ্ৰসমূহ মহাৰাষ্ট্ৰৰ ৩৪ খন গ্ৰাম্য জিলাত স্থাপন কৰা হৈছে।
গ্ৰাম্য দক্ষতা বিকাশ কেন্দ্ৰসমূহে বিভিন্ন ক্ষেত্ৰত দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰি গ্ৰাম্য যুৱক-যুৱতীসকলক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিব। প্ৰতিটো কেন্দ্ৰতে কমেও দুটা বৃত্তিমূলক পাঠ্যক্ৰমত প্ৰায় ১০০ যুৱক-যুৱতীক প্ৰশিক্ষণ দিয়া হ’ব। এই প্ৰশিক্ষণ ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পৰিষদৰ অধীনত উদ্যোগৰ অংশীদাৰ আৰু সংস্থাসমূহে প্ৰদান কৰিছে। এই কেন্দ্ৰসমূহ স্থাপন কৰিলে নিজ নিজ খণ্ডসমূহে অধিক সমৰ্থ আৰু দক্ষ জনশক্তিৰ বিকাশৰ দিশত যথেষ্ট অগ্ৰগতি লাভ কৰাত সহায় কৰিব।
