• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নৱবৰ্ষৰ প্ৰথম দিনটোৱে কন্দুৱালে ছুইজাৰলেণ্ড, লাক্ষাগৃহত পৰিণত ক্ৰেন্স-মন্টানা ৰিজ’ৰ্ট
International

নৱবৰ্ষৰ প্ৰথম দিনটোৱে কন্দুৱালে ছুইজাৰলেণ্ড, লাক্ষাগৃহত পৰিণত ক্ৰেন্স-মন্টানা ৰিজ’ৰ্ট

CliQ INDIA
Last updated: January 2, 2026 3:55 pm
CliQ INDIA
Share
3 Min Read
SHARE

বাৰ্ন (ছুইজাৰলেণ্ড), ০২ জানুৱাৰী (হি.স.)। নৱবৰ্ষৰ প্ৰথম দিনাই চুইজাৰলেণ্ডলৈ কঢ়িয়াই আনিলে শোকাকূল পৰিৱেশ। ক্ৰেন্স-মন্টানা নামৰ আলপাইন ৰিজ’ৰ্টৰ এখন বাৰত অগ্নিকাণ্ডত ৪০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১১৫ জন লোক অগ্নিদগ্ধ হয়। চুইজাৰলেণ্ডৰ ফেডাৰেল আৰু কেণ্টন কৰ্তৃপক্ষই ইয়াক দেশৰ আটাইতকৈ ভয়াৱহ ট্ৰেজেডী বুলি অভিহিত কৰিছে। নৱবৰ্ষৰ উদযাপনত ডুব যোৱাসকলৰ বাবে এই ৰিজৰ্টখন লাক্ষা গৃহ হৈ পৰিল। বেছমেণ্টৰ বাৰৰ পৰা জুইৰ শিখাই উঠিল। মানুহে বাহিৰ ওলাবলৈ ইফালে সিফালে দৌৰা দৌৰি কৰি থাকিল, কোনো উপায় বিচাৰি নাপালে। অগ্নিদগ্ধ হৈ পৰি থাকিল লোকসকল। অলপ সময়ৰ ভিতৰতে গোটেই বাৰখন ধোঁৱাই আগুৰি ধৰিলে।

লে নিউজ আৰু বিএফএম টিভিৰ পৰা পোৱা খবৰ অনুসৰি ভেলেইছ আৰক্ষীয়ে জনোৱা মতে, পুৱতি নিশা ১:৩০ বজাৰ ওচৰত জুইৰ এলাৰ্ম বাজিছিল। বাৰখনত ধোঁৱা ভৰি পৰাৰ খবৰ পোৱাৰ পিছতে জৰুৰীকালীন সেৱাৰ সৈতে যোগাযোগ কৰা হয়। কিছু মিনিটৰ ভিতৰতে আৰক্ষীৰ বাহন আহি উপস্থিত হয়, তাৰ পিছতে অগ্নিনিৰ্বাপক আৰু স্বাস্থ্যৰ দল। আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়। ৪:১৪ বজাত এটা হেল্পলাইন নম্বৰ (০৮৪৮ ১১২ ১১৭) সক্ৰিয় কৰা হয়। উদ্ধাৰ আৰু সাহায্য অভিযানত প্ৰায় ১৪০ জন কৰ্মী, ১৩ খন হেলিকপ্টাৰ আৰু ৪২ খন এম্বুলেন্স জড়িত আছিল।

ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে এই কাণ্ডক অভূতপূৰ্ব ট্ৰেজেডী বুলি অভিহিত কৰি ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে ফেডাৰেল চৰকাৰৰ সংহতি প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়াও কিছুমানে নিজৰ জীৱনৰ বাবে যুঁজি আছে। ভেলেছ কেণ্টনল চৰকাৰৰ সভাপতি মাথিয়াছ ৰেনাৰ্ডে শোক প্ৰকাশ কৰে। আৰক্ষী অধীক্ষক ফ্ৰেডেৰিক গিছলাৰে কয় যে প্ৰথম অগ্ৰাধিকাৰ আছিল মৃত লোকসকলক চিনাক্ত কৰা।

ভেলেইছৰ এটৰ্নী জেনেৰেল বিট্ৰিছ পিল’ডে কয় যে কনষ্টেলেচন বাৰৰ বেছমেণ্টত জুই লাগে। লগতে কয় যে একাংশ প্ৰত্যক্ষদৰ্শীয়ে জৰুৰীকালীন প্ৰস্থান নাই বুলি কয়। এজন বিষয়াই কয় যে সুৰক্ষাৰ মানদণ্ড মানি চলিছে নে নাই সেই সন্দৰ্ভত মন্তব্য কৰাটো খৰধৰ কৰা হ’ব। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আহত আৰু আহতসকলৰ ৰাষ্ট্ৰীয়তা এতিয়াও নিশ্চিত হোৱা নাই। ইটালী আৰু ফ্ৰান্সৰ উভয় নাগৰিককে ধৰি নিহত হোৱাৰ সন্দেহ কৰা হৈছে। ইটালীৰ বৈদেশিক মন্ত্ৰীয়ে কয় যে ইটালীৰ কমেও ১৫ জন নাগৰিক আহত হোৱাৰ বিপৰীতে প্ৰায় ১৬ জন নিৰুদ্দেশ হৈছে।

তদন্তৰ বাহিৰেও বিষয়াসকলে সন্দেহ কৰিছে যে উৎসৱমুখৰ বটলৰ স্পাৰ্কলাৰ (এবিধ ফটকা)ৰ বাবেই এই জুই সংঘটিত হ’ব পাৰে। এইবোৰক ফাউণ্টেইন স্পাৰ্কলাৰ বুলিও কোৱা হয়। বাৰৰ সভাস্থলীত উৎসৱমুখৰ বটলৰ স্পাৰ্কলাৰৰ কথা উল্লেখ কৰা হৈছিল। স্থানীয় নাইটক্লাবত ফাউণ্টেইন স্পাৰ্কলাৰ যথেষ্ট সাধাৰণ। তদন্তকাৰীয়ে এতিয়াও ইয়াৰ কাৰণ নিশ্চিত কৰা নাই।

উল্লেখ্য যে ক্ৰেন্স-মন্টানা দক্ষিণ-পশ্চিম চুইজাৰলেণ্ডত অৱস্থিত এখন জনপ্ৰিয় পাহাৰীয়া ষ্টেচন আৰু স্কি ৰিজৰ্ট চহৰ। ই সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত ৰ’ন উপত্যকাৰ ওপৰৰ ৰ’দঘাই মালভূমিত অৱস্থিত। বাৰ্নৰ পৰা (ৰাস্তাৰে) দূৰত্ব প্ৰায় দুঘণ্টা।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বাংলাদেশত দেশজোৰা ৰে’ল ধৰ্মঘটৰ বাবে আবদ্ধ হাজাৰ হাজাৰ যাত্ৰী | BulletsIn
বেলুচিস্তানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন বিদ্ৰোহী নিহত
জেন জি আন্দোলনৰ বাবে চিপিএন-ইউএমএলৰ ক্ষমা প্ৰাৰ্থনা
মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব মোডী, দুদিনীয়া ভ্ৰমণ সমাপ্ত কৰি আজি উভতিব
আজিৰে পৰা ভাৰত মণ্ডপমত বিজেপি ৰাষ্ট্ৰীয় পৰিষদৰ দুদিনীয়া বৈঠক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ই টু ই ট্ৰেন্সপ’ৰ্টেশনে ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, তালিকাভুক্ত হোৱাৰ পিছত উচ্চ চাৰ্কিটত চামিল
Next Article ইতিহাসত ৩ জানুৱাৰীঃ সাবিত্ৰীবাই ফুলে – ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী আৰু সামাজিক পৰিৱৰ্তনৰ পথ প্ৰদৰ্শক
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?