
কোকৰাঝাৰ, ২৬ ডিচেম্বৰ (হি.স.): মিফতাহুল উলুম ইছলামীয়া মাদ্ৰাছাৰ উন্নতি কল্পে বিৰাট ধৰ্মসভাৰ আয়োজন কৰা হৈছে। এই উপলক্ষত লাইখুটা স্থাপন কৰে এমছিএলএ এন্তাজ আলীয়ে ।
কোকৰাঝাৰ জিলাৰ তেতেলিগুৰীত মিফতাহুল উলুম ইছলামীয়া মাদ্ৰাছা তেতেলেগুৰীত অহা ২ জানুৱাৰীত এক বিৰাট ধৰ্মসভাৰ আয়োজন কৰিছে । উক্ত ধৰ্মসভাক কেন্দ্ৰ কৰি আজি ধৰ্মসভাৰ লাইখুটা স্থাপন কৰে বিটিছিৰ গুমা সমষ্টিৰ পাৰিষদ এন্তাজ আলিয়ে । উক্ত অনুষ্ঠানত পাৰিষদ জনৰ লগতে শতাধিক লোকে অংশ গ্ৰহন কৰে । অহা ২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ধৰ্মসভাত মূখ্য অতিথি হিচাপে উপস্থিতহ থাকিব হাফিজ মৌলনা বেৰিষ্টাৰ ইলিয়াজ হুচেইন আনছাৰীৰ লগতে আৰু বহুতো অতিথিয়ে । উক্ত ধৰ্মসভাত ৰাইজৰ সহায় সহযোগ কামনা কৰিছে সভাপতি আলিআজম সেখে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
