শোণিতপুৰ, ২২ ডিচেম্বৰ (হি.স.)। তেজপুৰৰ ঐতিহ্যমণ্ডিত সামাজিক-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান তৰুণ অসম সংঘৰ উদ্যোগত ২১ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় পুৰুষ আৰু মহিলাৰ শোণিতপুৰ জিলা ভিত্তিক ভলীবল প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ যোৱা কালি চূড়ান্ত খেলৰ পুৰুষ শাখাত বাঁহবাৰী দলে চেম্পিয়নশ্বিপ অৰ্জন কৰাৰ লগতে মহিলা শাখাত তৰুণ অসম দলে চেম্পিয়নশ্বিপ অৰ্জন কৰে ।
উল্লেখ্য যে ,সন্ধিয়াৰ পৰা নিশালৈকে অনুষ্ঠিত হোৱা দুয়োদিনৰ প্ৰতিযোগিতাত বিপুল সংখ্যক দৰ্শকে খেল উপভোগ কৰাত তেজপুৰ চহৰখনতে এক বিশেষ পৰিৱেশৰ সৃষ্টি হয় । কালি নিশা চূড়ান্ত খেলখন শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি খেলুৱৈ সকলক অভিবাদন জনাই। ইয়াৰ আগতে তৰুণ অসম সংঘৰ সভাপতি ড০ ভুবনেশ্বৰ চহৰীয়া, উপদেষ্টা মহেন্দ্ৰ নাথ কেওঁট প্ৰমুখ্যে বিষয়ববীয়া সকলৰ উপস্থিতিত শৰীৰ চৰ্চাত বিশ্ব চেম্পিয়ন হৈ তেজপুৰ ,শোণিতপুৰ তথা অসমলৈ সুনাম অনা ছায়া বৰুৱাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে কালিৰ চূড়ান্ত খেলৰ পুৰুষ শাখাত তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজত বাঁহবাৰী দলে বেছেৰীয়া দলক পৰাজিত কৰি চেম্পিয়নশ্বিপ অৰ্জন কৰি আৰতি শৰ্মা সোঁৱৰণী চলন্ত বঁটাৰ লগতে নগদ ধন লাভ কৰাৰ লগতে মহিলা শাখাত তৰুণ অসম দলে ৰত্না দাস সোঁৱৰণী চলন্ত বঁটা আৰু নগদ ধন লাভ কৰে । প্ৰতিযোগিতাত বেষ্ট লিফ্টাৰ হিচাপে বাঁহবাৰী দলৰ লোহিত গৰ্জু ,বেষ্ট ব্লকাৰ হিচাপে বেছেৰীয়া দলৰ মাধুৰ্য্য নাথ, বেষ্ট স্মেচাৰ হিচাপে বাঁহবাৰী দলৰ ৰিতিন বড়ো, প্ৰমিজিং খেলুৱৈ হিচাপে বেছেৰীয়া দলৰ প্ৰাচুৰ্য্য শিৱম পুৰস্কৃত হোৱাৰ লগতে প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় তৰুণ অসম দলৰ জয়শ্ৰী ডেকা ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
