
নগাঁও, ১২ নৱেম্বৰ (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ ঔআনাত যোৱা কালি মঙ্গলবাৰে সন্ধিয়া বৃহৎ পৰিমাণৰ ক’ফ চিৰাফ জব্দ কৰা হয়।ৰূপহীহাট আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ঔআনাত অভিযান চলাই এজন নিচাজাতীয় দ্ৰব্য ব্যৱসায়ীক আটক কৰাৰ লগতে জব্দ কৰে নিষিদ্ধ ক’ফ চিৰাপ।
উল্লেখ্য যে ১৫১টা ক’ফ চিৰাপৰ বটল বস্তাত ভৰাই লৈ যোৱা সময়ত আৰক্ষীয়ে আটক কৰে লোকজনক।ধৃত লোকজন ঔআনাৰ ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে।ৰফিকুলৰ পৰা আৰক্ষীয়ে এএছ ০২ ৱাই ৬৮৭৬ নম্বৰৰ এখন বাইক জব্দ কৰে । অধিক তথ্যৰ বাবে ধৃত ৰফিকুলক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
