• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ১০ নৱেম্বৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বাজপেয়ীৰ ঐতিহাসিক ভাষণ
National

ইতিহাসৰ পাতত ১০ নৱেম্বৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত বাজপেয়ীৰ ঐতিহাসিক ভাষণ

CliQ INDIA
Last updated: November 9, 2025 2:46 pm
CliQ INDIA
Share
5 Min Read
SHARE

২০০১ চনৰ আজিৰ দিনটোতে ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ (UNGA)ত সম্বোধন কৰিছিল। তেওঁৰ এই ভাষণক আন্তঃৰাষ্ট্ৰীয় মঞ্চত ভাৰতৰ শক্তিশালী আৰু সুষম বৈদেশিক নীতিৰ প্ৰতীক হিচাপে বিবেচিত হৈছিল।

ভাষণত বাজপেয়ীয়ে বিশ্ব সন্ত্ৰাসবাদ, অৰ্থনৈতিক বৈষম্য, উন্নয়নশীল দেশসমূহৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে সন্ত্ৰাসবাদ কেৱল এখন দেশৰ বাবেই সমস্যা নহয়, সকলো মানৱতাৰ বাবেও ভাবুকি, আৰু ইয়াৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব সংহতিৰ প্ৰয়োজন।

বাজপেয়ীয়ে লগতে কয় যে বিশ্ব শান্তি আৰু উন্নয়নৰ লক্ষ্যসমূহ ভালদৰে লাভ কৰিবলৈ ৰাষ্ট্ৰসংঘক অধিক ফলপ্ৰসূ আৰু গণতান্ত্ৰিক কৰি তুলিব লাগিব। তেওঁ স্থায়ী শান্তি, পাৰমাণৱিক নিৰস্ত্ৰকৰণ, আৰু ন্যায্য উন্নয়নৰ প্ৰতি ভাৰতৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে।

এই ভাষণটো এনে এটা সময়ত দিয়া হৈছিল যেতিয়া ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত বিশ্বত দোদুল্যমান পৰিস্থিতিৰ মাজত অতিবাহিত কৰি আছিল আৰু বাজপেয়ীৰ বাৰ্তাক শান্তি, সহাৱস্থান তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দিশত এক শক্তিশালী পদক্ষেপ বুলি গণ্য কৰা হৈছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা-

১৬৫৯ – শিৱাজী মহাৰাজে প্ৰতাপগড় দুৰ্গৰ সমীপত আফজল খানক হত্যা কৰে।

১৮৮৫ – গটলিব ডেইমলাৰে বিশ্বৰ প্ৰথমখন মটৰ চাইকেল প্ৰৱৰ্তন কৰে।

১৯৫০ – আমেৰিকান লেখক উইলিয়াম ফকনাৰে সাহিত্যৰ নোবেল বঁটা লাভ কৰে।

১৯৫১ – ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৯৬ নং প্ৰস্তাৱ গ্ৰহণ কৰে।

১৯৭০ – ফ্ৰান্সৰ প্ৰাক্তন ৰাষ্ট্ৰপতি চাৰ্লছ ডি গলৰ মৃত্যু হয়।

১৯৭০ – চীনৰ গ্ৰেট ৱাল জনসাধাৰণৰ বাবে মুকলি কৰা হয়।

১৯৮৩ – বিল গেটছে উইণ্ড’জ ১.০ মুকলি কৰে।

১৯৮৯ – জাৰ্মানীত বাৰ্লিনৰ দেৱাল ভাঙি পেলোৱাৰ কাম আৰম্ভ হয়।

১৯৯৪ – শ্ৰিয়ন্ত্ৰ দ্বীপ (শ্ৰীনগৰ)ত আৰক্ষী উপস্থিত হৈ বিধ্বংসী ৰূপ ধাৰণ কৰে।

১৯৯৫ – নিউজিলেণ্ডৰ অকলেণ্ডত কমনৱেলথ সন্মিলন আৰম্ভ হয়। ১৯৯৭ চনত চীন-ৰাছিয়া ঘোষণাপত্ৰৰ জৰিয়তে দুয়োখন দেশৰ মাজত সীমা বিবাদৰ অন্ত পৰে।

২০০০ – গংগা-মেকং লিংক প্ৰকল্পৰ কাম আৰম্ভ হয়।

২০০১ – ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দিয়ে।

২০০২ – ইংলেণ্ডৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে এছেজ টেষ্টত জয়লাভ কৰে।

২০০৪ – ঝেংঝৌক চীনৰ অষ্টম পুৰণি চহৰ হিচাপে ঘোষণা কৰা হয়।

২০০৫ – চীনৰ বিৰোধিতাক অৱজ্ঞা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুছে নিৰ্বাসিত তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ সৈতে সাক্ষাৎ কৰে। জৰ্ডানৰ তিনিখন হোটেলত সংঘটিত বিস্ফোৰণত ৫৭ জন লোকৰ মৃত্যু হয়।

২০০৬ – কলম্বোত শ্ৰীলংকাৰ তামিল ৰাজনীতিবিদ নাদৰাজাহ ৰবিৰাজক হত্যা কৰা হয়।

২০০৭ – ব্ৰিটিছ আপিল আদালতে ব্ৰিটিছ চৰকাৰক ইউৰোপীয় সংঘৰ চিকিৎসকৰ সমানে ভাৰতীয় চিকিৎসকক চিকিৎসা কৰিবলৈ নিৰ্দেশ দিয়ে।

২০০৮ – ভাৰত-কাটাৰ সম্পৰ্কক কৌশলগত গভীৰতা প্ৰদান কৰি দুয়োখন দেশে প্ৰতিৰক্ষা আৰু নিৰাপত্তা চুক্তি স্বাক্ষৰ কৰে।

২০০৮ – ভাৰতে অষ্ট্ৰেলিয়াক ২-০ ত পৰাস্ত কৰি বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী লাভ কৰে।

২০০৮ – ৰাজহুৱা খণ্ডৰ অন্ধ্ৰ বেংকে প্ৰাইম লেণ্ডিং ৰেট (পিএলআৰ) ০.৭৫% হ্ৰাস কৰে।

২০০৮ – নাছাই মংগল গ্ৰহলৈ ফিনিক্স অভিযান সম্পূৰ্ণ হোৱাৰ কথা ঘোষণা কৰে।

জন্ম-

১৪৮৩ – মাৰ্টিন লুথাৰ – খ্ৰীষ্টান ধৰ্মৰ এক নতুন ধাৰাৰ পথ প্ৰদৰ্শক।

১৮৪৮ – আজিৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাপক তথা দলৰ এজন সন্মানীয় নেতা সুৰেন্দ্ৰনাথ বেনাৰ্জী।

১৮৭১ – সচ্চিদানন্দ সিনহা – প্ৰখ্যাত ভাৰতীয় সংসদ সদস্য, শিক্ষাবিদ, অধিবক্তা, আৰু সাংবাদিক।

১৯০৯ – জনী মাৰ্কছ – আমেৰিকান সংগীতজ্ঞ আৰু গীতিকাৰ।

১৯২০ – জাতীয়তাবাদী ট্ৰেড ইউনিয়নৰ নেতা তথা ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাপক দত্তপন্ত থেংগাদী।

১৯২০ – আজিৰ দিনটোতে সদানন্দ বাক্ৰে – ভাৰতৰ এজন প্ৰখ্যাত শিল্পী, চিত্ৰকৰ, আৰু ভাস্কৰ্য শিল্পী আছিল।

১৯৫১ – মনমোহন মহাপাত্ৰ – ওডিয়া ছবিৰ এজন বিখ্যাত চলচ্চিত্ৰ প্ৰযোজক-পৰিচালক আছিল।

১৯৫৪ – ডনকুপাৰ ৰায় – মেঘালয়ৰ প্ৰাক্তন দশম মুখ্যমন্ত্ৰী আছিল।

১৯৫৪ – আজিৰ দিনটোতে জয় গোস্বামী – বাংলা ভাষাৰ এগৰাকী প্ৰখ্যাত ভাৰতীয় কবি।

১৯৬৩ – ৰোহিনী খাদিলকাৰ – এছিয়ান দবা চেম্পিয়নশ্বিপ (১৯৮১) জয় কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা।

মৃত্যু-

১২৪০ – ইবনে আৰবী – আৰবী ভাষাৰ এজন বিখ্যাত চুফী কবি আৰু চিন্তাবিদ।

১৯০৮ – আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতাৰ বাবে ফাঁচী দিয়া অমৰ শ্বহীদ সকলৰ ভিতৰত এজন কনাইলাল দত্ত।

১৯৩১ – আজিৰ দিনটোতে গংগা প্ৰসাদ অগ্নিহোত্ৰী – এগৰাকী বিখ্যাত হিন্দী সাহিত্যিক।

১৯৯৫ – ফজল তাবিশ – ভোপালৰ এজন বিখ্যাত কবি।

২০১৩ – বিজয়দন দেৱা – বিখ্যাত ৰাজস্থানী ভাষা সাহিত্যিক

২০২০ – সত্যজিৎ ঘোষ – ভাৰতীয় ফুটবল খেলুৱৈ।

গুৰুত্বপূৰ্ণ দিন-

-পৰিবহণ দিৱস

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

৭ মাৰ্চত চণ্ডীগড় ভ্ৰমণ কৰিব উপ-ৰাষ্ট্ৰপতি
বিজেপিৰ ৰাষ্ট্ৰীয় অধিৱেশন আৰম্ভ, জে পি নড্ডাৰ প্ৰধানমন্ত্ৰীক অভিনন্দন জ্ঞাপন
আজি বিহাৰৰ পৰা উত্তৰ প্ৰদেশত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী, উন্নয়ন প্ৰকল্পৰ দিব উপহাৰ, কানপুৰৰ বহু অঞ্চল মেট্ৰ’ৰ সৈতে সংযোগ | BulletsIn
Indian Rupee Surges Strongly After RBI Intervention Amid Global Uncertainty and Rapid Forex Market Adjustments
আজি হাৰিয়ানাৰ কৰ্ণালত বিজেপিৰ সভাপতি জে পি নড্ডা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ধুবুৰীত আৰক্ষীৰ অভিযানত আটক চাইবাৰ ক্ৰাইমত জড়িত তিনি যুৱক
Next Article জনজাতিকৰণৰ আৰু স্বায়ত্ব শাসনৰ দাবীত লক্ষীমপুৰত বিশাল জোৰ সমদল
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?