নলবাৰী, ০৫ নৱেম্বৰ (হি.স.): বাহীৰ সুৰৰ মায়া জালেৰে বিশ্বক মোহচন্ন কৰা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহী বাদক দীপক শৰ্মা কোনোদিনে উভতি নহা বাটেৰে গুছি গ’ল। পঞ্চভূতত বিলীন হ’ল মহান শিল্পী গৰাকী। নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ ভৱন বাকৰিত যোৱা কালি সন্ধিয়া এই শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজউদ্দিন আহমেদ, সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি ভৱজিৎ বেজবৰুৱা সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দীন আহমেদ আদি কৰি ভালেকেইগৰাকী ছাত্ৰ নেতা কৰ্মী উপস্থিত থাকে । সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদে কয় যে জীৱিত কালত প্ৰয়াত শৰ্মাই চৰকাৰৰ পৰা যিধৰণৰ সন্মান পাব লাগিছিল তেনে ধৰণৰ কোনো সন্মান নেপালে। এয়া বৰ দুৰ্ভাগ্যজনক বুলিও তেওঁ উল্লেখ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
