–শোণিতপুৰ প্ৰেছ ক্লাবৰ নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু তেজপুৰ সাহিত্য সভাৰ দেৱেন্দ্ৰনাথ বৰা – দীপ্তি বৰা স্মাৰক বক্তৃতানুষ্ঠান
–প্ৰবীণ লেখক – শিক্ষাবিদ সুৰেন্দ্ৰ মোহন নাথক শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে প্ৰদান কৰিব নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটা
–সম্বৰ্ধিত হ’ব বিভিন্ন ক্ষেত্ৰৰ পাঁচগৰাকী ব্যক্তি
শোণিতপুৰ, ০৮ ডিছেম্বৰ (হি স)। অহা ১০ ডিচেম্বৰ তাৰিখে তেজপুৰ সাহিত্য সভা ভৱনত পুৱা আৰু বিয়লিৰ ভাগত শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰৰ উদ্যোগত আৰু তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব দুটাকৈ বক্তৃতানুষ্ঠানৰ লগতে এক বিশেষ বঁটা প্ৰদান অনুষ্ঠান। পুৱা ১১ বজাত তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, প্ৰচাৰ বিমুখ নিৰৱ সাহিত্যিক, ৯০ বছৰীয়া অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুৰেন্দ্ৰ মোহন নাথক শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে ২০২৩ বৰ্ষৰ নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বঁটাপ্ৰদান কৰিব।
উল্লেখ্য যে, শোণিতপুৰ জিলাখনৰ সংবাদ কৰ্মী সকলৰ পিতামহ স্বৰূপ সাহিত্যিক, সাংবাদিক তথা বিশিষ্ট সংস্কৃত পণ্ডিত নৰেন্দ্ৰদেৱ শাস্ত্ৰীৰ ১০ ডিচেম্বৰৰ ওপজা দিনৰ লগত সংগতি ৰাখি ২০১০ বৰ্ষৰ পৰাই শোণিতপুৰ প্ৰেছ ক্লাব, তেজপুৰে এই বঁটা প্ৰদান কৰি অহাৰ পিছত এইবাৰ মহিৰূহ গৰাকীৰ ৯৫ সংখ্যক ওপজা দিনৰ লগত সংগতি ৰাখি অহা ১০ ডিচেম্বৰ, দেওবাৰে তেজপুৰ সাহিত্য সভা ভৱনত পুৱা ১১ বজাত আয়োজন কৰা নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতানুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান ত নিৰৱ সাহিত্যিক – শিক্ষাবিদ গৰাকীক অষ্টম বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰা হ’ব।
আনহাতে এই বঁটা প্ৰদান অনুষ্ঠানতে এইবাৰ বৰগীতৰ পাঠ পৰম্পৰা শীৰ্ষক বিষয়ত নৰেন্দ্ৰদেৱ শাস্ত্ৰী স্মাৰক বক্তৃতা প্ৰদান কৰিব তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, গৱেষক তথা প্ৰখ্যাত গল্পকাৰ ড০ সঞ্জীৱ পল ডেকাই।
ইয়াৰোপৰি অনুষ্ঠানটিত বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিব আইন সেৱাৰে সোণালী জয়ন্তী অতিক্ৰম কৰা তেজপুৰৰ দুগৰাকীকৈ প্ৰবীণ অধিবক্তা তথা সমাজকৰ্মী সুভাষ চন্দ্ৰ বিশ্বাস আৰু যামিনী কুমাৰ বৈশ্যৰ লগতে বিশ্বনাথ চাৰিআলিৰ প্ৰকৃতিপ্ৰেমী তথা বৃক্ষ বন্ধু কুমুদ বৰুৱা, তেজপুৰৰ সমাজকৰ্মী তৰুণ দাস আৰু তেজপুৰৰ প্ৰবীণ শিক্ষয়িত্ৰী পংকজা শইকীয়াক ।একেদৰে ১০ ডিচেম্বৰৰ দিনটোৰ বিয়লি ৪ বজাৰ পৰা তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব দেৱেন্দ্ৰনাথ বৰা আৰু দীপ্তি বৰা স্মাৰক বক্তৃতানুষ্ঠান। উল্লেখ্য যে এসময়ৰ তেজপুৰৰ সমাজ জীৱনৰ অগ্ৰণী ব্যক্তিত্ব লেখক, আইনজীৱী আৰু প্ৰশাসনিক বিষয়া দেৱেন্দ্ৰনাথ বৰাৰ সোঁৱৰণত ২০১৪ চনৰ পৰাই তেজপুৰ সাহিত্য সভাই বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰি অহাৰ পিছত তেওঁৰ সহধৰ্মিনী তেজপুৰ সাহিত্য সভাৰ উপদেষ্টা, বিশিষ্ট শিক্ষাবিদ, লেখিকা দীপ্তি বৰা পৰলোকপ্ৰাপ্তি হোৱাৰ পিছত ২০১৮ বৰ্ষৰ পৰা এইলানি বক্তৃতা দেৱেন্দ্ৰনাথ বৰা – দীপ্তি বৰা স্মাৰক বক্তৃতানুষ্ঠান নামেৰে তেজপুৰ সাহিত্য সভাই আয়োজন কৰি অহাৰ পিছত এইবাৰ ১০ ডিচেম্বৰৰ বিয়লি ৪ বজাৰ পৰা কাব্য, সাহিত্য আৰু শিল্পকলাৰ সনাতন প্ৰমূল্য শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব সাহিত্য অকাডেমি বঁটা প্ৰাপক, গৱেষক, লেখক তথা সাহিত্য অকাডেমিৰ কাৰ্যবাহী পৰিষদৰ সদস্য দিগন্ত বিশ্ব শৰ্মাই। তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি ড০ ভূপেন শইকীয়াই স্মৃতিচাৰণ কৰিব লগা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰিব লগা এই অনুষ্ঠান শুভাৰম্ভ হ’ব পুৰোধা লেখক – লেখিকা গৰাকীৰ পুত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ ভাস্কৰজ্যোতি বৰাৰ দ্বাৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
