গোৱালপাৰা, ২৬ অক্টোবৰ (হি.স.)।গোৱালপাৰাৰ জিলাৰ বিভিন্ন অঞ্চলত বিগত কিছু বছৰ ধৰি বনৰীয়া হাতীয়ে সন্ত্ৰাস চলায় অহাৰ কথাতো সকলোৱে জানে। কিন্তু এইবাৰ মাখিৰ ত্ৰাসে অস্বাস্থ্যকৰ পৰিবেশৰ সৃষ্টি কৰিছে গোৱালপাৰাৰ এখন গাওঁত৷
গোৱালপাৰাৰ হাৰিমূৰা গাওঁৰ লগতে প্ৰায় ৭/৮ খন গাওঁত মাখিৰ বাবে এক হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে৷ মাখিৰ সন্ত্ৰাসৰ বাবে
গাওঁৰ ৰাইজে নে শুৱ পাৰে নে খাব পাৰে ৷ দিনৰ পোহৰ হওক বা ৰাতিৰ আন্ধাৰ মুকলিকৈ কোনো খাদ্যয়ে খাব নোৱাৰে মাখিৰ উতপাতত। ফলত
আঠুৱা তৰি ভাত খাব লগা হেছে স্থানীয় লোকসকলে ৷চৈদিশে কেৱল মাখি আৰু মাখি ৷ মাখিৰ এনে উপদ্ৰৱৰ ফলত উপায়ন্তৰ হৈ পৰিছে স্থানীয় ৰাইজ। অতি শীঘ্ৰে এইদৰে কৰ পৰা ইমান মাখি আহিছে আৰু ইয়াৰ পৰা উপশম পাবৰ বাবে যি কৰিব লাগে সেই কাম কৰিবলৈ স্থানীয় প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
