• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > সীমান্তত পাকিস্তানী সেনা আৰু আফগান তালিবানৰ সংঘৰ্ষ, চকী আৰু টেংক ধ্বংস কৰাৰ দাবী
International

সীমান্তত পাকিস্তানী সেনা আৰু আফগান তালিবানৰ সংঘৰ্ষ, চকী আৰু টেংক ধ্বংস কৰাৰ দাবী

CliQ INDIA
Last updated: October 15, 2025 8:01 pm
CliQ INDIA
Share
3 Min Read
SHARE

ইছলামাবাদ, ১৫ অক্টোবৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ কুৰৰাম জিলাত আফগানিস্তানৰ সীমান্তত দুয়োখন দেশৰ মাজত যুদ্ধ সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। পাকিস্তানে দাবী কৰিছে যে আফগানিস্তানে অপ্ৰৰোচিতভাৱে গুলীচালনা কৰিছিল, যাৰ বাবে উপযুক্ত উত্তৰ পোৱা গৈছিল। ইয়াৰ ফলত আফগান তালিবানৰ যথেষ্ট লোকচান হৈছে, কেইবাখনো তালিবানৰ টেংক আৰু পোষ্ট ধ্বংস হৈছে।

ড’ন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি পাকিস্তানৰ চৰকাৰী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মঙলবাৰে নিশা খাইবাৰ পখতুনখোৱাৰ কুৰৰাম জিলাত পাকিস্তানী সেনা আৰু আফগান তালিবানৰ মাজত পুনৰ যুদ্ধ সংঘটিত হয়। ৰাজ্যিক সম্প্ৰচাৰক পিটিভি নিউজে নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে কয় যে, আফগান তালিবান আৰু নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানে (ফিটনা আল-খাৱাৰিজ) কুৰামত কোনো প্ৰৰোচনা নোহোৱাকৈ গুলীচালনা কৰে। পাকিস্তানী সেনাই সম্পূৰ্ণ শক্তি আৰু দ্ৰুততাৰে সঁহাৰি জনায়।

নিৰাপত্তাৰক্ষীৰ সূত্ৰৰ মতে, এই যুদ্ধত তালিবান শাসনৰ চকীসমূহৰ যথেষ্ট ক্ষতি হয়, আৰু এটা টেংকত জুই লাগে। ইয়াৰ ফলত তালিবানৰ যোদ্ধাসকলে নিজৰ স্থানৰ পৰা পলায়ন কৰে। পিটিভিৰ তথ্য অনুসৰি ছামছাদৰ চেকপইণ্টত চতুৰ্থখন টেংক ধ্বংস কৰা হয়। পাকিস্তানৰ এই সামৰিক অভিযানত ফিটনা আল খাৱাৰিজৰ এজন জ্যেষ্ঠ সেনাধ্যক্ষ নিহত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰ পূৰ্বে বৈদেশিক সচিব ৰাষ্ট্ৰদূত আমনা বালুচে ইছলামাবাদৰ স্থানীয় ৰাষ্ট্ৰদূতসকলক পাকিস্তান-আফগানিস্তান সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে এক বিস্তৃত ব্রিফিং প্ৰদান কৰে। পাকিস্তানৰ নিৰাপত্তাৰ চিন্তা আৰু ইয়াৰ ভূখণ্ডৰ অখণ্ডতা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ৰক্ষাৰ সংকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আফগান তালিবান বাহিনীয়ে সপ্তাহৰ শেষৰ ফালে সীমান্তৰ চেকপইণ্টত অপ্ৰৰোচিত আক্ৰমণ চলায়। আন্তঃসেৱা জনসংযোগই জনোৱা মতে, কাবুলৰ আক্ৰমণৰ ইছলামবাদে প্ৰত্যুত্তৰ দিছিল আৰু ২৩ জন পাকিস্তানী সৈনিক আৰু ২০০ৰো অধিক তালিবান যোদ্ধা নিহত হৈছিল।

আফগানিস্তানে এই আক্ৰমণক প্ৰতিশোধমূলক বুলি দাবী কৰি ইছলামবাদে যোৱা সপ্তাহত নিজৰ ভূখণ্ডত বিমান আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন কৰে। ইছলামবাদেও কাবুলক সন্ত্ৰাসবাদী সংগঠনে নিজৰ ভূখণ্ড ব্যৱহাৰ কৰি পাকিস্তানক আক্ৰমণ কৰাত বাধা দিবলৈ বাৰে বাৰে আহ্বান জনাইছে। সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদক লৈ চলি থকা উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে এদিন পূৰ্বে জিঅ’ নিউজক জনাইছিল যে দুয়োখন দেশৰ মাজত শত্ৰুতাপূৰ্ণ পৰিৱেশ বিদ্যমান। যিকোনো সময়তে যুঁজ-বাগৰ আৰম্ভ হ’ব পাৰে বুলিও তেওঁ উল্লেখ কৰে।

বেলুচিস্তান পোষ্ট (পাষ্টো ভাষা)ৰ বাতৰি অনুসৰি আফগান আৰু পাকিস্তানী নিৰাপত্তাৰক্ষীৰ মাজত সীমান্তৰ সংঘৰ্ষ পুনৰ তীব্ৰতৰ হৈছে। সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি মঙলবাৰে সন্ধিয়া খোষ্ট প্ৰদেশৰ জাজী ময়দান জিলাত তালিবান আৰু পাকিস্তানী নিৰাপত্তাৰক্ষীৰ মাজত গুলিয়াগুলী সংঘটিত হয়। এই সংঘৰ্ষ নংগাৰহৰলৈ বিয়পি পৰিছে। হেলমাণ্ড প্ৰদেশত সংঘৰ্ষ চলি আছে। আফগান আৰু ইৰাণৰ স্থানীয় সংবাদ মাধ্যমৰ মতে, বেলুচিস্তানৰ বাৰাবচা সীমান্তৰ সমীপত পাকিস্তানী বাহিনীয়ে ৭ জন আফগান নাগৰিকক গ্ৰেপ্তাৰ কৰি গুলীয়াই হত্যা কৰে। খবৰ অনুসৰি এই আটাইকেইজনেই আছিল কৰ্মসূত্ৰে পাকিস্তানত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা আফগান শ্ৰমিক। আফগান বিষয়াসকলে এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ বিপৰীতে স্থানীয় সূত্ৰই ইংগিত দিছে যে অঞ্চলটোত উত্তেজনা অব্যাহত আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বিলাল আল কাদৰা
ইজৰাইলৰ আক্ৰমণত নিহত হামাছৰ শক্তিশালী নেতা ইজ্জ আল-দিন কাছাব | BulletsIn
আমেৰিকা যুক্তৰাষ্ট্ৰৰ কংগ্ৰেছত বেদ নন্দাৰ উত্তৰাধিকাৰীক সন্মান
নেপালক হিন্দু ৰাষ্ট্ৰ গঢ়ি তুলিবলৈ এজন বিধায়কৰ 'দণ্ডৱত প্ৰণিপাত' কৰি ছঠঘাটত উপস্থিত
আমেৰিকাৰ সৌৰ কোম্পানীসমূহৰ ভাৰত, ইণ্ডোনেছিয়া আৰু লাওছৰ পৰা আমদানিৰ ওপৰত শুল্ক আৰোপ কৰাৰ দাবী

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অলংকাৰ বজাৰত অভিলেখ ভংগ কৰি সোণ আৰু ৰূপৰ দৰ নতুন শিখৰত উপনীত
Next Article ছত্তীশগড়ৰ চুকমাত ৫০ লাখ টকাৰ পুৰস্কাৰ কঢ়িয়াই ফুৰা ২৭ জন নক্সালবাদীৰ আত্মসমৰ্পণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?