ৰায়পুৰ, ২১ ছেপ্টেম্বৰ (হি.স.)। ছত্তীশগড়ৰ কুখ্যাত কয়লা আৰু সুৰা কেলেংকাৰিৰ সৈতে সংগতি ৰাখি দেওবাৰে ৰায়পুৰ আৰু অকলতাৰাত দুৰ্নীতি নিবাৰক ব্যুৰো (এচিবি) আৰু অৰ্থনৈতিক অপৰাধ শাখা (ই অ’ ডব্লিউ)ৰ যৌথ দলে অভিযান চলায়। ইফালে, সুৰা কেলেংকাৰীৰ সৈতে জড়িত ৰায়পুৰ, বিলাসপুৰ, আৰু দুৰ্গতো অভিযান চলাই ই অ’ ডব্লিউৰ দলটোৱে।
খবৰ অনুসৰি, ৰায়পুৰৰ শিৱ বিহাৰ কলনীৰ আৱাধেশ যাদৱৰ ঘৰত উপস্থিত হৈছে ই অ’ ডব্লিউৰ দলটো। আৱাধেশ সুৰা ব্যৱসায়ৰ লগত জড়িত। ব্যৱসায়ীজনৰ দুটা স্থানত দলটোৱে তদন্ত অব্যাহত ৰাখিছে। এচিবি আৰু ইঅ’ডব্লিউৰ বিষয়াসকলে নথি-পত্ৰ পৰীক্ষা কৰি আছে।
মন কৰিবলগীয়া যে দুদিন পূৰ্বে ইডিৰ দলটোৱে ভিলাইৰ হুডকো আৰু তালপুৰীৰ চাউল মিলৰ সুধাকৰ ৰাওৰ ঘৰতো অভিযান চলাইছিল। ইডিৰ দলটোৱে তাত নথি-পত্ৰ পৰীক্ষা কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
