কোকৰাঝাৰ, ১১ ছেপ্টেম্বৰ (হি.স.): বিটিচি নিৰ্বাচনৰ প্ৰাকমুহূর্তত ৫ নং শৰাইবিল সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী ৰাজু নাৰ্জাৰীয়ে যোৱাকালি বুধবাৰে সন্ধিয়া গোঁসাইগাঁৱত এখন মত-বিনিময় সভাত অংশগ্ৰহণ কৰে। এই সভাত তেওঁ স্থানীয় হিন্দীভাষী লোকসকলৰ সৈতে মত-বিনিময় কৰি আগন্তুক নিৰ্বাচনত তেওঁক সমৰ্থন আৰু আশীৰ্বাদ দিয়াৰ আহ্বান জনায়।
সভাখনত নাৰ্জাৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰে যে, ৫ নং শৰাইবিল সমষ্টিৰ পৰা ৰাজু নাৰ্জাৰীয়ে এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে জয়ী হ’ব। তেওঁ জনসাধাৰণক ইউপিপিএলক সমৰ্থন জনাবলৈ আহ্বান জনায়। ৫ নং শৰাইবিল সমষ্টিৰ পৰা জিকিলে এই অঞ্চলৰ উন্নয়নমূলক কাম-কাজ আগবঢ়াই লৈ যাব বুলিও প্ৰকাশ কৰে। সভাখনত বহু সংখ্যক হিন্দীভাষী লোক অংশ লয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
