শোণিতপুৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শত বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত তেজপুৰ কলাভূমিত আজি ৭ ছেপ্টেম্বৰত আয়োজিত হয় কাব্যসিন্ধু ড° অমৰ জ্যোতি চৌধুৰীৰ “মৃত্যু জিনাৰ গান”ৰ সমূহীয়া আবৃত্তি অনুষ্ঠান। শোণিতপুৰৰ আয়ুক্ত আনন্দ কুমাৰ দাসে উদ্বোধন কৰা অনুষ্ঠানত বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে ৷
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
