৫ ছেপ্টেম্বৰত মুক্তি পোৱা টাইগাৰ শ্ৰফৰ ‘বাঘী ৪’ আৰু বিবেক অগ্নিহোত্ৰীৰ ‘দ্য বেংগল ফাইলছ’ দৰ্শক আৰু সমালোচকৰ মিশ্ৰিত সমালোচনা লাভ কৰিছিল। অৱশ্যে আৰম্ভনিৰ দিনা বক্স অফিচত ‘দ্য বেংগল ফাইলছ’তকৈ উন্নত প্ৰদৰ্শন কৰিছিল ‘বাঘী ৪’। এতিয়া দ্বিতীয় দিনৰ উপাৰ্জনৰ শেহতীয়া পৰিসংখ্যা ওলাইছে। এই ক্ষেত্ৰত বেংগল ফাইলে পূৰ্বতকৈ ভাল প্ৰদৰ্শন কৰিছে।
‘বাঘী ৪’ বক্স অফিচৰ প্ৰতিবেদন
প্ৰথম দিনাই ‘বাঘী ৪’ই শক্তিশালী আৰম্ভনি কৰি ১২ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে দ্বিতীয় দিনা ছবিখনে উইকেণ্ডৰ সম্পূৰ্ণ সুবিধা ল’ব নোৱাৰিলে। ছাকনিলকৰ প্ৰাৰম্ভিক হিচাপ অনুসৰি শনিবাৰে ছবিখনে মাত্ৰ ৯ কোটি টকাৰ ব্যৱসায় কৰিছিল। এইদৰে ভাৰতত দুদিনত ‘বাঘী ৪’ৰ মুঠ উপাৰ্জন ২১ কোটি টকা হৈছেগৈ। ছবিখনত সঞ্জয় দত্তই খলনায়কৰ চৰিত্ৰত অভিনয় কৰাৰ বিপৰীতে প্ৰাক্তন মিছ ইউনিভাৰ্ছ হৰনাজ সন্ধু আৰু সোণম বাজৱাইও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।
‘দ্য বেংগল ফাইলছ’ বক্স অফিচৰ প্ৰতিবেদন
‘দ্য বেংগল ফাইলছ’ই প্ৰথম দিনাই ১.৭৫ কোটি টকা সংগ্ৰহ কৰে। একে সময়তে ছবিখনে দ্বিতীয় দিনা সামান্য বৃদ্ধিৰে ২.২৫ কোটি টকাৰ ব্যৱসায় কৰে। এইদৰে ভাৰতত দুদিনৰ বক্স অফিচৰ মুঠ সংগ্ৰহ মাত্ৰ ৪ কোটি টকাহে হৈছে। ছবিখনৰ কাহিনীয়ে বংগৰ দুটা যুগ, এটা প্ৰাক স্বাধীনতা আৰু বৰ্তমানৰ যুগক চিত্ৰিত কৰিছে। ইয়াত ডাইৰেক্ট একচন ডে’, নোৱাখালী সংঘৰ্ষ আৰু সেই সময়ত সংঘটিত হোৱা হিন্দু নৰসংহাৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
