চেন্নাই, ০২ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে মঙলবাৰে চেন্নাইত উপস্থিত থাকিব । ইয়াত তেওঁ চিটি ইউনিয়ন বেংকৰ ১২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । এই উপলক্ষে তেওঁ বেংকিং খণ্ডৰ কৃতিত্ব আৰু সম্ভাৱনাৰ ওপৰত নিজৰ মতামত দাঙি ধৰিব।
ৰাষ্ট্ৰপতিৰ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পুৱা ১১:৪০ বজাত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে মহীশূৰৰ পৰা চেন্নাই পুৰণি বিমানবন্দৰত অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকীয়ে গাড়ীৰে নন্দাম্বকমৰ ট্ৰেড চেণ্টাৰলৈ যাব য’ত তেওঁ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ অন্তত তেওঁ ৰাজভৱনলৈ গৈ নিশা জিৰণি ল’ব। ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
তিনিদিনীয়া কৰ্ণাটক আৰু তামিলনাডু ভ্ৰমণৰ অন্তিম দিনা অৰ্থাৎ ০৩ ছেপ্টেম্বৰত তিৰুভাৰুৰলৈ যাব। ইয়াত তেওঁ তামিলনাডুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দশম সমাৱৰ্তন অনুষ্ঠানত সম্বোধন কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰী প্ৰদান কৰিব।
সোমবাৰৰ পৰা তিনিদিনীয়া ভ্ৰমণলৈ আহিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু। ইয়াৰ আৰম্ভনি কৰি ০১ ছেপ্টেম্বৰত কৰ্ণাটকৰ মহীশূৰত অল ইণ্ডিয়া ইনষ্টিটিউট অৱ স্পিচ এণ্ড হিয়াৰিঙৰ হীৰক জয়ন্তী (৬০ বছৰীয়া জয়ন্তী) উদযাপনত অংশগ্ৰহণ কৰে। এই প্ৰতিষ্ঠানটোৱে দেশত বাক-শ্ৰৱণ-শুনা সম্পৰ্কীয় গৱেষণা আৰু চিকিৎসাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
