নতুন দিল্লী, ০২ ছেপ্টেম্বৰ (হি.স.)। ভাৰতে আকৌ এবাৰ বেডমিণ্টনৰ জগতত ডাঙৰ সন্মান লাভ কৰিবলৈ ওলাইছে। নতুন দিল্লীত আয়োজন কৰা হ’ব বি ডব্লিউ এফ ৱৰ্ল্ড বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৬। পেৰিছত চলি থকা বিশ্ব চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানৰ সময়ত এই কথা ঘোষণা কৰা হয়।
এই উপলক্ষে ভাৰতৰ তাৰকা ডাবলছ যুটি সাতৱিকসাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে, যিটো বিশ্ব চেম্পিয়নশ্বিপত তেওঁলোকৰ দ্বিতীয়টো পদক কৃতিত্ব।
ভাৰতীয় বেডমিণ্টন এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক সঞ্জয় মিশ্ৰই কয় যে, আমি এই আতিথ্য ভাৰতক অৰ্পণ কৰাৰ বাবে বি ডব্লিউ এফৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। আমি আশ্বাস দিছো যে ভাৰতেও পেৰিছৰ দৰে একে স্তৰৰ উৎকৃষ্টতা আৰু ভৱ্যতাক আগুৱাই নিব। আমি সমগ্ৰ বেডমিণ্টন পৰিয়ালক দিল্লীলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী।
বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ প্ৰদৰ্শন
এই পৰ্যন্ত ভাৰতে বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ১৫টা পদক লাভ কৰিছে।
ইয়াৰে ৫টা পদক অকল পিভি সিন্ধুৱে লাভ কৰিছে – ১টা সোণ, ২টা ৰূপ আৰু ২টা ব্ৰঞ্জ।
অলিম্পিক পদক বিজয়ী ছাইনা নেহৱালে ২টা ব্ৰঞ্জৰ পদক লাভ কৰে।
২০২১ চনত কিদাম্বী শ্ৰীকান্তই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে শেহতীয়া বছৰবোৰত সাই প্ৰনীত, লক্ষ্য সেন আৰু এইচ এছ প্ৰণয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
ভাৰতৰ বাবে এই প্ৰতিযোগিতাৰ প্ৰথমটো পদক ১৯৮৩ চনত প্ৰকাশ পাডুকনে কোপেনহেগেনত ব্ৰঞ্জৰ পদক লাভ কৰি মুকলি কৰে।
একে সময়তে জ্ৱালা গুট্টা আৰু অশ্বিনী পন্নপ্পাই ২০১১ চনত মহিলা ডাবলছ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
