ৰাষ্ট্ৰসংঘ, ২৮ আগষ্ট (হি.স.)। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫খন সদস্যৰ ভিতৰত ১৪খন দেশে বুধবাৰে গাজাত চলি থকা দুৰ্ভিক্ষক মানৱসৃষ্ট সংকট বুলি অভিহিত কৰিছে। পৰিষদৰ যৌথ বিবৃতিত কোৱা হৈছে যে ক্ষুধাক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাটো আন্তঃৰাষ্ট্ৰীয় মানৱীয় আইন উলংঘা কৰা।
সদস্য দেশসমূহে তাৎক্ষণিক আৰু নিঃচৰ্ত যুদ্ধবিৰতি, সকলো পণবন্দীক মুকলি কৰি দিয়া, গাজাত বৃহৎ পৰিসৰৰ মানৱীয় সাহায্য আৰু ইজৰাইলৰ পৰা সকলো নিষেধাজ্ঞা উঠাই লোৱাৰ দাবী জনায়। বিবৃতিটোত স্পষ্টকৈ কোৱা হৈছে যে গাজাত দুৰ্ভিক্ষ তৎক্ষণাত বন্ধ কৰিব লাগিব। সময় অতি কম, মানৱীয় জৰুৰীকালীন অৱস্থাৰ সৈতে তৎক্ষণাত মোকাবিলা কৰিব লাগিব আৰু ইজৰাইলে নিজৰ নীতি সলনি কৰিব লাগিব।
গ্ল’বেল হাংগাৰ মনিটৰ আইপিচিৰ প্ৰতিবেদন অনুসৰি গাজা চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত আনুষ্ঠানিকভাৱে দুৰ্ভিক্ষ ঘোষণা কৰা হৈছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ৫.১৪ লাখ লোক অৰ্থাৎ গাজাৰ জনসংখ্যাৰ প্ৰায় এক চতুৰ্থাংশ ইতিমধ্যে দুৰ্ভিক্ষৰ সন্মুখীন হৈছে আৰু ছেপ্টেম্বৰৰ শেষলৈকে এই সংখ্যা ৬.৪১ লাখ হ’ব পাৰে।
ইজৰাইলে আই পি চিৰ প্ৰতিবেদনক পক্ষপাতদুষ্ট আৰু শুদ্ধ নহয় বুলি নাকচ কৰিছে। ইজৰাইলৰ বিষয়াসকলে কয় যে এই মূল্যায়ন হামাছে প্ৰদান কৰা আংশিক তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু ইয়াত শেহতীয়াকৈ গাজালৈ প্ৰেৰণ কৰা খাদ্য সাহায্যৰ প্ৰতি লক্ষ্য ৰখা হোৱা নাই।
বৈঠকত আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূত ড’ৰথী শ্বিয়াই কয় যে আই পি চিৰ প্ৰতিবেদনৰ বিশ্বাসযোগ্যতা আৰু সঠিকতা প্ৰশ্নবোধক। ‘আমি জানো যে গাজাত ক্ষুধা এক প্ৰকৃত সমস্যা আৰু মানৱীয় প্ৰয়োজনীয়তা বিশাল। এই প্ৰয়োজনীয়তা পূৰণ কৰাটো আমেৰিকাৰ বাবে অগ্ৰাধিকাৰ।’
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
