• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াৰ সৈতে পৰ্তুগালেও দিলে পেলেষ্টাইনক স্বীকৃতি; ফ্ৰান্সো সাজু, ইজৰাইলৰ স্থিতি আৰু কঠোৰ
International

ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াৰ সৈতে পৰ্তুগালেও দিলে পেলেষ্টাইনক স্বীকৃতি; ফ্ৰান্সো সাজু, ইজৰাইলৰ স্থিতি আৰু কঠোৰ

CliQ INDIA
Last updated: September 22, 2025 3:01 pm
CliQ INDIA
Share
6 Min Read
SHARE

লণ্ডন, ২২ ছেপ্টেম্বৰ (হি.স.)। ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াই দেওবাৰে পেলেষ্টাইন ৰাষ্ট্ৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ পিছত পৰ্তুগালেও একেধৰণৰ পদক্ষেপৰ কথা ঘোষণা কৰে। আন্তঃৰাষ্ট্ৰীয় ক্ষোভৰ মাজতে গাজাত অভিযান অব্যাহত ৰখা ইজৰাইলক হেঁচা প্ৰয়োগ কৰিবলৈ এই দেশসমূহে এই ঘোষণা কৰিছে। ইজৰাইলে কয় যে ইয়াৰ ফলত তেওঁলোকৰ কৌশলত কোনো প্ৰভাৱ নপৰে। ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়া দশক দশক ধৰি ইজৰাইলৰ শক্তিশালী মিত্ৰ দেশ। পোলেণ্ডৰ লগতে এই তিনিখন দেশে দুখন ৰাষ্ট্ৰৰ সমাধানৰ দিশত অগ্ৰগতিৰ অভাৱত গভীৰ হতাশা প্ৰকাশ কৰিছে। চিএনএনৰ বাতৰি অনুসৰি পৰ্তুগালে কয় যে দুখন ৰাষ্ট্ৰৰ সমাধান হৈছে “ন্যায্য আৰু স্থায়ী শান্তিৰ একমাত্ৰ পথ”। ফ্ৰান্স আৰু অন্যান্য দেশৰ পৰা এতিয়া কাৰ্য্যৰ বাবে অপেক্ষা কৰা হৈছে। এই সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ফ্ৰান্স আৰু আন কেইবাখনো দেশেও একে কাম কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত ইজৰাইলৰ বিচ্ছিন্নতা আৰু অধিক গভীৰ হ’ব। ইয়াৰ মূল মিত্ৰ ৰাষ্ট্ৰ আমেৰিকাৰ সৈতে ইজৰাইলৰ মতানৈক্য আৰু গভীৰ হ’ব। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে এই পদক্ষেপসমূহক তীব্ৰ সমালোচনা কৰি কয় যে, “কোনো পেলেষ্টাইন ৰাষ্ট্ৰ নাথাকিব।” নেতান্যাহুৱে কয় যে ৭ অক্টোবৰৰ ভয়ানক হত্যাকাণ্ডৰ পিছত পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়া নেতাসকলৰ বাবে মোৰ এটা স্পষ্ট বাৰ্তা আছে যে আপোনালোকে সন্ত্ৰাসবাদক এক বৃহৎ পুৰস্কাৰ দিছে। নেতান্যাহুৱে লগতে কয়, আমাৰ মাটিত সন্ত্ৰাসবাদী ৰাষ্ট্ৰ জাপি দিয়াৰ এই শেহতীয়া প্ৰচেষ্টাৰ উত্তৰ মই আমেৰিকাৰ পৰা উভতি অহাৰ পিছতে দিয়া যাব। অপেক্ষা কৰক। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগে কয় যে এই পদক্ষেপে এজনো পেলেষ্টাইনীক সহায় নকৰে। ই এজনো পণবন্দীক মুক্ত কৰাত সহায় নকৰে। ই আমাক ইজৰাইলী আৰু পেলেষ্টাইনীসকলৰ মাজত আপোচ কৰাত সহায় নকৰে। তেওঁ এক্সত কৈছিল, যিসকলে প্ৰকৃত শান্তি বিচাৰে তেওঁলোকৰ বাবে এইটো এটা দুখৰ দিন। মন কৰিবলগীয়া যে ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ আন ১৪০ জনতকৈ অধিক সদস্যই পেলেষ্টাইনক স্বীকৃতি দিছে। গাজাত ইজৰাইলৰ ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰাসনক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে এই সংখ্যা বৃদ্ধি পাইছে। কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে এক্সত কয় যে, “তেওঁৰ দেশে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিছে আৰু পেলেষ্টাইন ৰাষ্ট্ৰ আৰু ইজৰাইল ৰাষ্ট্ৰৰ বাবে শান্তিপূৰ্ণ ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত নিজৰ অংশীদাৰিত্ব আগবঢ়াইছে।” ঘোষণাৰ কিছু সময়ৰ পূৰ্বে কানাডা চৰকাৰৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, “পেলেষ্টাইন কৰ্তৃপক্ষই হিংসা ত্যাগ কৰিছে, ইজৰাইলক স্বীকৃতি দিছে আৰু দুখন ৰাষ্ট্ৰৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। শান্তিপূৰ্ণ সহাৱস্থান বিচৰাসকলক আৰু হামাছক একাষৰীয়া কৰিবলৈ আমি পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিছো।” ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে জুলাই মাহত প্ৰতিশ্ৰুতি দিছিল যে তেওঁ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিব। ষ্টাৰমাৰৰ দৰে নেতাৰ এই কাৰ্য্যত বিচলিত নোহোৱা ইজৰাইলৰ প্ৰধানমন্ত্ৰীয়ে কয়, দখল কৰা পশ্চিম পাৰত ইহুদী বসতিৰ সংখ্যা দুগুণ হৈছে। আমি এই পথত আগবাঢ়ি যাম। ষ্টাৰমাৰে ভিডিঅ’ সম্বোধনত কয় যে মধ্যপ্ৰাচ্যত বৃদ্ধি পোৱা সন্ত্ৰাসৰ সন্মুখীন হৈ আমি শান্তিৰ সম্ভাৱনাক জীয়াই ৰখাৰ বাবে কাম কৰি আছো। ইফালে, ষ্টাৰমাৰৰ ঘোষণাৰ সৈতে সংগতি ৰাখি দেওবাৰে ব্ৰিটেইনৰ বৈদেশিক কাৰ্যালয়ৰ ভ্ৰমণ পৰামৰ্শ ৱেবপেজ আপডেট কৰি “দখল কৰা পেলেষ্টাইনী ভূখণ্ড”ৰ উল্লেখক “পেলেষ্টাইন”লৈ সলনি কৰা হয়। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে জুলাই মাহত এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ফ্ৰান্সৰ স্বীকৃতি ঘোষণাৰ বাবে দেশসমূহক যোগদান কৰিবলৈ আহ্বান জনায়। দেওবাৰে দিয়া এক সাক্ষাৎকাৰত মেক্ৰনে সোমবাৰে ফ্ৰান্সৰ পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ উদ্দেশ্য নিশ্চিত কৰে। তেওঁ লগতে কয় যে গাজাত বাকী থকা পণবন্দীসকলক মুকলি কৰি দিয়াটো “উদাহৰণস্বৰূপে পেলেষ্টাইনত দূতাবাস মুকলি কৰাৰ আগতে” এটা বাধ্যতামূলক চৰ্ত হ’ব । ইফালে বেলজিয়াম, লাক্সেমবাৰ্গ আৰু ছান মেৰিনোৱেও এই সপ্তাহত পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইফালে, পেলেষ্টাইন কৰ্তৃপক্ষৰ সভাপতি মেহমুদ আব্বাছে কয় যে ব্ৰিটেইনৰ এই ঘোষণা “এটা ন্যায্য আৰু স্থায়ী শান্তি অৰ্জনৰ দিশত এক গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় পদক্ষেপ”। আব্বাছৰ মতে এই পদক্ষেপে দুখন ৰাষ্ট্ৰৰ সমাধান ৰূপায়ণৰ পথ প্ৰশস্ত কৰিব। হামাছৰ ৰাজনৈতিক কাৰ্যালয়ৰ জ্যেষ্ঠ সদস্য বাছাম নাইমে কয় যে ব্ৰিটেইন, কানাডা আৰু অষ্ট্ৰেলিয়াৰ এই পদক্ষেপ আদৰণীয়, কিন্তু ইয়াৰ লগে লগে বাস্তৱত ব্যৱহাৰিক ব্যৱস্থাও ল’ব লাগিব। পেলেষ্টাইনৰ ৰাজনীতিৰ আগশাৰীৰ ব্যক্তি ড০ হানান আশ্ৰাৱীয়ে কয় যে এই পদক্ষেপে “বিশ্বৰ এক বৃহৎ পৰিৱৰ্তন”ৰ সংকেত দিয়ে। এই দেশসমূহৰ বাবে গণহত্যা বন্ধ কৰি ইজৰাইলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বহু বিকল্প মুকলি। এতিয়া পৰীক্ষা হ’ল তেওঁলোকে তেনে কৰিবনে নাই।’’ পেলেষ্টাইন পূৰ্ণ সদস্য হ’বলৈ হ’লে নিৰাপত্তা পৰিষদৰ ১৫ জন সদস্যৰ ভিতৰত কমেও ৯ জন সদস্যই সপক্ষে ভোট দিব লাগিব। ইয়াৰ উপৰিও পাঁচখন স্থায়ী সদস্যৰ কোনোৱেই—ব্ৰিটেইন, চীন, ফ্ৰান্স, ৰাছিয়া আৰু আমেৰিকাই—ভেটো থাকিব নেলাগিব। যদিহে এই বিষয়টো নিৰাপত্তা পৰিষদৰ সন্মুখত আহে তেন্তে আমেৰিকাই নিজৰ ভেটো ক্ষমতা প্ৰয়োগ কৰিব বুলি আশা কৰা হ’ব। যিহেতু ১৯৮৮ চনত চীন আৰু ৰাছিয়াই পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিছিল, গতিকে অতি সোনকালে পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি নিদিয়া আমেৰিকাই নিৰাপত্তা পৰিষদৰ একমাত্ৰ স্থায়ী সদস্য হৈ পৰিব । ইয়াৰ দ্বাৰা ইজৰাইল আৰু ইয়াৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় বিচ্ছিন্নতাৰ মাজত ৱাশ্বিংটন কেনেকৈ এক সুদৃঢ় প্ৰাচীৰ হিচাপে থিয় দিছে, সেই কথা আৰু শক্তিশালী হৈ উঠিছে। আন দেশসমূহেও পেলেষ্টাইন ৰাষ্ট্ৰক স্বীকৃতি দিয়াৰ কোনো লক্ষণ দেখা পোৱা নাই। কানাডা আৰু ব্ৰিটেইন হৈছে পেলেষ্টাইনক স্বীকৃতি দিয়া প্ৰথমখন জি-৭ দেশ যদিও আন সদস্য জাপান, ইটালী আৰু জাৰ্মানীয়ে এই পদক্ষেপৰ বিৰোধিতা কৰিছে। চিএনএনৰ তথ্য অনুসৰি বিশ্বৰ নেতাসকলৰ বাৰ্ষিক সমাৱেশত মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত দ্বিতীয় কাৰ্যকালৰ প্ৰথমটো ভাষণ প্ৰদান কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। এই সময়ছোৱাত তেওঁ গাজাৰ যুদ্ধ আৰু পেলেষ্টাইন ৰাষ্ট্ৰ স্থাপনৰ সম্ভাৱনাক লৈ তেওঁৰ মূল মিত্ৰ দেশসমূহকে ধৰি আধাতকৈ অধিক সদস্য ৰাষ্ট্ৰৰ সৈতে নিজৰ মতানৈক্য বৃদ্ধি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। আমেৰিকাৰ বিচ্ছিন্নতাৰ স্পষ্ট উদাহৰণ সোমবাৰে দেখা যাব যেতিয়া ফ্ৰান্স আৰু চৌদি আৰবে যৌথভাৱে দুখন ৰাষ্ট্ৰৰ সমাধান সন্মিলন আয়োজন কৰিব, য’ত ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৪২খন ৰাষ্ট্ৰৰ সমৰ্থন আছে। এই সন্মিলনত অংশ লোৱা নাই আমেৰিকাই। উচ্চ পৰ্যায়ৰ সন্মিলনখনক সমৰ্থন কৰা সাধাৰণ পৰিষদৰ প্ৰস্তাৱৰ বিৰুদ্ধে ভোটদান কৰা ১০খন দেশৰ ভিতৰত ই অন্যতম।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ট্ৰাম্পৰ মতে হামাছক নিৰস্ত্ৰ কৰিবলৈ আমেৰিকাৰ সেনাৰ প্ৰয়োজন নাই
স্পেইনত ইচ্ছামৃত্যু: দীঘলীয়া আইনী যুঁজৰ অন্তত এগৰাকী মহিলাই জীৱন ত্যাগ কৰিলে
নেপালত আবদ্ধ যাত্ৰীসকলৰ বাবে সাহায্য, এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা কাঠমাণ্ডুলৈ বিশেষ বিমান প্ৰেৰণ
আমেৰিকাৰ আগশাৰীৰ উদ্যোগপতি চাৰ্লছ টি মুংগাৰৰ ৯৯ বছৰ বয়সত মৃত্যু
নেপালঃ সোমবাৰে ন্যায়িক তদন্ত আয়োগৰ সন্মুখত হাজিৰ হ’ব প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ষ্টক মাৰ্কেটত আৰম্ভণিৰ ব্যৱসায় উৰ্ধগামী , ব্যাপক অৱনমনৰ পিছত চেন্সেক্স আৰু নিফ্টী উত্থান
Next Article নতুন জিএছটিৰ হাৰ বলবৎ, সকলোৰে বাবে বৃহৎ সকাহ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?