ধুবুৰী, ১৮ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱাকালি দেওবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত হাকামাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। ফলত থিতাতে নিহত এজন আহত দুজন। নিহত লোক জন বামুণ গাওঁ প্ৰথম খণ্ড গাঁৱৰ ছাইদুল বুলি জানিব পৰা গৈছে।
ই- ৰিক্সা দি ঘৰলৈ উভতি যোৱাৰ সময়ত অচিনাকী বাহনৰ খুন্দাত মৃত্যু হয় লোকজনৰ । আহত দুজনক এজনক বিলাসীপাৰা চিকিৎসালয় চিকিৎসাধীন আনজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে। সমগ্ৰ ঘটনাই বিলাসীপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
