দৰং, ১৬ আগষ্ট (হি.স.): ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ কৰাৰ ৪০টা বছৰ সম্পূৰ্ণ কৰিলে। এই উপলক্ষে অসম আন্দোলনৰ জাতীয় শ্বহীদক সুঁৱৰি দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ শুক্ৰবাৰে সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰে ।
ঐতিহাসিক অসম আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰৰ মাজত চুক্তি হোৱা অসম চুক্তি সম্পাদনাৰ ৪০ বছৰ সম্পূৰ্ণ হৈ ৪১ বছৰৰ পদাৰ্পন কৰা ক্ষণত ঐতিহাসিক অসম আন্দোলনৰ জাতীয় শ্বহীদ সকলক সুঁৱৰি ৰূপায়ন কৰা হয় বন্তি প্ৰজ্বলন অনুষ্ঠান।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
