
ধেমাজী, ১৫ আগষ্ট (হি.স.)। ধেমাজি জিলাৰ জোনাইত লাভ জেহাদৰ বলি হৈছে এগৰাকী হিন্দু নাবালিকা কিশোৰী। মুছলমান যুৱকে পলুৱাই নিলে হিন্দু কিশোৰীক। ইফালে
গাঁৱৰ একাংশ বয়োজেষ্ঠই ৰক্ষণাবেক্ষণ দি অজ্ঞাতে কৰ্ট মেৰিজ কৰি দিয়াৰ চেষ্টা চলায়।
জানিব পৰা অনুসৰি জোনাইৰ ২ নং ছিংগাপুৰ গাঁৱৰ আমিৰ আলি নামৰ এগৰাকী মিয়া মুছলমান যুৱকে লক্ষীমপুৰ বগিনদী কৈৱৰ্ত গাঁৱৰ এগৰাকী হিন্দু নাবালিকা কিশোৰীক যোৱা ১২ আগষ্ট তাৰিখে পলুৱাই লৈ আহে। প্ৰথমে ফোন যোগে চিনাকি হৈ পিছত চাৰি মাহৰ প্ৰেমৰ অন্তত কিশোৰী গৰাকীক বিয়া পাতিবলৈ অনা বুলি স্বীকাৰ কৰিছে আমিৰ আলী নামৰ যুৱক গৰাকীয়ে।
ঘটনাৰ পিছতে আজি আমিৰ আলি নামৰ যুৱক গৰাকীৰ ঘৰত একাংশ স্থানীয় ৰাইজে উপস্থিত হৈ সোধাপোচা কৰাৰ পিছতে সকলো তথ্য পোহৰলৈ আহে। স্থানীয় ৰাইজৰ সোধপোচৰ পিছতে হিন্দু কিশোৰীগৰাকী লাভ জেহাদৰ বলি হোৱাৰ সন্দেহ কৰিছে ৰাইজে। ইফালে বাল্য বিবাহ আৰু লাভ জেহাদৰ বলি হোৱা কিশোৰী গৰাকীৰ ঘটনাক আৰক্ষী প্ৰশাসনক খবৰ দিয়াৰ বিপৰীতে গাঁওখনৰ একাংশ ব্যক্তিয়ে ৰক্ষণাবেক্ষণ দি অজ্ঞাতে কৰ্ট মেৰিজ কৰি দিয়াৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
ইতিমধ্যে, বাল্য বিবাহ আৰু লাভ জেহাদৰ অভিযোগ তুলি স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত উচিত তদন্তৰ দাবীত জোনাই আৰক্ষীক খবৰ দিয়া বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
