১৬ আগষ্ট দেশৰ লগতে বিশ্বৰ বাবে ঐতিহাসিক সাফল্যৰ দিন। আজিৰ দিনটোতে দেশে হেৰুৱালে প্ৰাক্তন প্ৰধানমন্ত্ৰী ‘ভাৰত ৰত্ন’ অটল বিহাৰী বাজপেয়ীৰ দৰে গতিশীল বক্তা আৰু কোমল ব্যক্তিত্বৰ ব্যক্তি। ভাৰতীয় ৰাজনীতিত অজাতশত্ৰুৰ ভাবমূৰ্তি থকা অটল জীৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে ২০১৮ চনত ৯৩ বছৰ বয়সত মৃত্যু হয়।
সৰ্বসন্মতিক্ৰমে ৰাজনীতিৰ শৈলীৰ বাবে বিখ্যাত অটল জী ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত আছিল। তেওঁ তিনিবাৰকৈ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল। ১৯৯৬ চনৰ ১৬ মে’ৰ পৰা ১৯৯৬ চনৰ ০১ জুনলৈ প্ৰথমবাৰৰ বাবে ১৩ দিন। তাৰ পিছত দ্বিতীয়বাৰৰ বাবে ১৯৯৮ চনৰ ১৯ মাৰ্চৰ পৰা ১৯৯৯ চনৰ ১৩ অক্টোবৰলৈ ৮ মাহৰ বাবে আৰু তৃতীয়বাৰৰ বাবে ১৯৯৯ চনৰ ১৩ অক্টোবৰৰ পৰা ২০০৪ চনৰ ২২ মে’লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল।
অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত দেশত পোখৰাণ-দ্বিতীয় পাৰমাণৱিক পৰীক্ষা, পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত সোণালী চতুৰ্ভুজ প্ৰকল্প আৰু ভাৰত-পাকিস্তানৰ সম্পৰ্ক উন্নত কৰাৰ প্ৰচেষ্টা আদি গুৰুত্বপূৰ্ণ পদক্ষেপ দেখা গৈছিল। অটল জীয়ে ভাৰত ৰত্ন, পদ্ম বিভূষণকে ধৰি বহু সন্মান লাভ কৰে। ভাৰতীয় ৰাজনীতিত মূল্যবোধ আৰু আদৰ্শ প্ৰতিষ্ঠা কৰাৰ বাবে অটল জীয়ে দেশবাসীৰ হৃদয়ত সদায় অমৰ হৈ থাকিব।
অন্যান্য মুখ্য ঘটনাৱলী:
১৬৯১ – আমেৰিকাত ভাৰ্জিনিয়াৰ ইয়ৰ্কটাউন আৱিষ্কাৰ হয়।
১৭৭৭ – আমেৰিকাই বেনিংটন যুদ্ধত ব্ৰিটেইনক পৰাস্ত কৰে।
১৭৮৭ – তুৰস্কই ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
১৮৯৬ – কানাডাৰ ইউকন অঞ্চলত সোণৰ আৱিষ্কাৰ হয়।
১৯০৬ – চিলিত ৮.৬ প্ৰাবল্যৰ ভূমিকম্পত বিশ হাজাৰ লোকৰ মৃত্যু হয়।
১৯২৪ – নেদাৰলেণ্ড আৰু তুৰস্কৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়।
১৯৪৩ – বুলগেৰিয়াৰ জাৰ বৰিছ তৃতীয়ই এডলফ হিটলাৰক লগ পায়।
১৯৪৬ – মুছলিম লীগে প্ৰত্যক্ষ কাৰ্য্য দিৱস ঘোষণা কৰে, হিংসাত্মক পৰিস্থিতিত কলকাতাত প্ৰায় ৫০০০ লোক নিহত হয় আৰু ১৫০০০ লোক আহত হয়।
১৯৬২ – আলজেৰিয়া আৰব লীগত অন্তৰ্ভুক্ত হয়।
১৯৬৯ – উডষ্টক উৎসৱৰ দ্বিতীয় দিন আছিল।
১৯৭৬ – ৰেমনেছ পৰিয়ালে চিবিজিবিত প্ৰথম কনচাৰ্ট পৰিবেশন কৰে।
১৯৯০ – চীনে প্ৰথম পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰে।
১৯৯৪ – আই বি এমৰ চাইমন পাৰ্ছনেল কমিউনিকেটৰ প্ৰথম স্মাৰ্টফোন হিচাপে বিক্ৰীৰ বাবে উপলব্ধ হয়।
২০০০ – ৰাছিয়াৰ পাৰমাণৱিক চাবমেৰিন ভেঞ্চুৰী সাগৰত দুৰ্ঘটনাগ্ৰস্ত হয়।
২০০১ – হাবল স্পেচ টেলিস্কোপ ব্যৱহাৰ কৰি সৌৰজগতৰ বাহিৰৰ এটা গ্ৰহ আৱিষ্কাৰ কৰা হয়।
২০০৩ – লিবিয়াই লকাৰবি বোমা বিস্ফোৰণৰ দায়িত্ব লয়।
২০০৪ – অষ্ট্ৰেলিয়া আৰু আমেৰিকাৰ দলে অলিম্পিক পালতোলাত বিশ্ব অভিলেখ গঢ়িছিল।
২০০৮ – আজিৰ দিনটোতে জম্মুত তিনিজন হিজবুল সন্ত্ৰাসবাদী নিহত।
২০০৮ – কংগোত নিয়োজিত ১২৫ জন ভাৰতীয় আৰক্ষী বিষয়াক ৰাষ্ট্ৰসংঘৰ শান্তি বঁটাৰে সন্মানিত কৰা হয়।
২০০৯ – আজিৰ দিনটোতে ১০০ মিটাৰ দৌৰত এক নতুন বিশ্ব অভিলেখ গঢ়িছিল উছাইন বল্ট।
২০১২ – ইকুৱেডৰে ৱিকিলিকছৰ প্ৰতিষ্ঠাপক জুলিয়ান আছাঞ্জক ৰাজনৈতিক আশ্ৰয় প্ৰদান কৰে।
জন্ম:
১৯০৪ – সুভদ্ৰ কুমাৰী চৌহান – স্বাধীনতা সংগ্ৰামী, কবি, গল্পকাৰ।
১৯১৮ – টি গণপতি – দ্বিতীয় লোকসভাৰ সদস্য।
১৯২০ – কোটলা বিজয় ভাস্কৰ ৰেড্ডী – অন্ধ্ৰ প্ৰদেশৰ নৱম মুখ্যমন্ত্ৰী ।
১৯২৮ – ৰজনী কোথাৰী – বিখ্যাত শিক্ষাবিদ, সাহিত্যিক, ৰাজনৈতিক তত্ত্ববিদ আৰু ৰাজনীতি বিজ্ঞানী।
১৯৭০ চনত ছৈফ আলী খান – অভিনেতা।
১৯৭০ – মনীষা কইৰালা – অভিনেত্ৰী।
২০০১ – লক্ষ্য সেন – ভাৰতৰ বিখ্যাত বেডমিণ্টন খেলুৱৈ।
মৃত্যু:
১৯৯১ – চি আচুথা মেনন – ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ ৰাজনীতিবিদ আৰু কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।
১৯৯৭ – নুছৰত ফাতেহ আলী খান – বিখ্যাত পাকিস্তানী গায়ক।
২০০১ – আন্না মণি – ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু বতৰ বিজ্ঞানী।
২০১৬ – গুৰদয়াল সিং – পাঞ্জাবী সাহিত্যিকক ‘জ্ঞানপীঠ বঁটা’ৰে সন্মানিত।
২০১৮ – অটল বিহাৰী বাজপেয়ী – ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
২০২০ – চেতন চৌহান – বিখ্যাত ভাৰতীয় ক্ৰিকেটাৰ।
গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:
ডমিনিকান ৰিপাব্লিক পুনৰুদ্ধাৰ দিৱস
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
