নতুন দিল্লী, ১৪ আগষ্ট (হি.স.)। দেশৰ অন্যতম বৃহৎ ব্যৱসায়িক গোট টাটা গ্ৰুপৰ কোম্পানী টাটা ছন্সে নোৱেল টাটাক ব’ৰ্ডত সঞ্চালক হিচাপে নিযুক্তি দিছে। কোম্পানীটোৰ ১০৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত অনুমোদন লাভ কৰে। ৰতন টাটাৰ মৃত্যুৰ পিছত এইখন টাটা সন্সৰ প্ৰথম সাধাৰণ সভা।
কোম্পানীটোৱে এক বিবৃতিত কয় যে টাটা ট্ৰাষ্টৰ অধ্যক্ষ নোৱেল টাটাক টাটা সন্সৰ ব’ৰ্ডত সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ বাবে বৃহস্পতিবাৰে অনুমোদন জনোৱা হৈছে। কোম্পানীটোৰ ১০৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱত অনুমোদন জনোৱা হয়। যোৱা বছৰৰ অক্টোবৰ মাহত ৰতন টাটাৰ মৃত্যুৰ পিছৰে পৰা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে নোৱেল টাটা।
এতিয়া আনুষ্ঠানিকভাৱে টাটা সন্সৰ ব’ৰ্ডত যোগদান কৰিছে নোৱেল টাটাই। টাটা গ্ৰুপৰ কাৰ্য্যকলাপ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা টাটা ছন্সৰ টাটা ট্ৰাষ্টৰ ৬৬ শতাংশ অংশীদাৰিত্ব আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
