তামুলপুৰ, ১৪ আগষ্ট (হি.স.)। সেউজ কুমাৰীকাটাৰ লক্ষ্যৰে স্বচ্ছ ভাৰত অভিযান ৷ কাইলৈ ৭৯ সংখ্যক স্বাধীনতা দিৱস ৷ ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আজি তামুলপুৰ জিলাৰ ব্যৱসায়িক কেন্দ্ৰ কুমাৰীকাটা অঞ্চলৰ ৰাইজৰ সহযোগত তামুলপুৰ মহকুমা ট্ৰাক মালিক সন্থা, বণিক সন্থাৰ কুমাৰীকাটা আৰক্ষী চকীৰ বিষয়া জোৱান সকলৰ সহযোগত আজি এক চাফাই অভিযান চলোৱা হয় ৷
কুমাৰীকাটা বজাৰ এলেকা ভাৰত ভূটান সংযোগ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ আজি চাফ চিকুন কৰি সেউজ কুমাৰীকাটা গঢ়াৰ লক্ষ্যৰে ধাৱমান হবলৈ প্ৰয়াস কৰা দেখা গৈছে । আজিৰ স্বচ্ছ অভিযানত আৰক্ষী বিষয়া ৰাজেন বড়ো, ট্ৰাক মালিক সন্থাৰ হৈ মইনুল হক চৌধুৰী, ধনজিৎ বৰুৱা, ৰূপজ্যোতি পাঠক, ডুলুজিত ভড়ালীৰ লগতে সমাজকৰ্মী ব্যৱসায়ী সকলে অংশ গ্ৰহন কৰে ৷
উল্লেখ্য যে আজি দিনৰ এক বজালৈ দোকান পোহাৰ বন্ধ ৰাখি সকলোৱে একেলগে বজাৰ খনৰ চাফ চিকূনত গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
