অজয় দেৱগন আৰু মৃণাল ঠাকুৰ অভিনীত কমেডী নাটক ‘ছন অৱ চৰ্দাৰ ২’ ছবিগৃহত মুক্তি লাভ কৰিছিল যোৱা ০১ আগষ্টত। কিন্তু ছবিখনৰ প্ৰদৰ্শন প্ৰথম দিনাৰ পৰাই বক্স অফিচত ম্লান হৈ পৰিছিল। পৰিস্থিতি ইমানেই দুৰ্বল হৈ পৰিছে যে এতিয়া ইয়াৰ সংগ্ৰহ লাখলৈ হ্ৰাস পাইছে। শীঘ্ৰে ছবিখন ছবিগৃহৰ পৰা আঁতৰাই দিয়া হ’ব বুলি ধাৰণা কৰা হৈছে।
বক্স অফিচৰ ট্ৰেকাৰ ছাকনিলকৰ মতে, ‘ছন অৱ চৰ্দাৰ ২’ মুক্তিৰ ত্ৰয়োদশ দিনা অৰ্থাৎ দ্বিতীয় বুধবাৰে মাত্ৰ ৭৫ লাখ টকা উপাৰ্জন কৰিছিল। ইয়াৰ লগে লগে ছবিখনৰ মুঠ সংগ্ৰহ ৪৫.১২ কোটি টকা হৈছেগৈ। বিজয় কুমাৰ অৰোৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত অজয় দেৱগন আৰু মৃণাল ঠাকুৰৰ লগতে নীৰু বাজৱা, কুবৰা সাইট, দীপক ডোবৰিয়াল, সাহিল মেহতা, চাংকি পাণ্ডে আৰু ৰবি কিষাণ আদি অভিনেতাও অভিনয় কৰিছে।
বক্স অফিচত কঠোৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে ‘ছন অৱ চৰ্দাৰ ২’। বিগত চাৰি সপ্তাহ ধৰি বক্স অফিচত আধিপত্য বিস্তাৰ কৰি আহিছে আহন পাণ্ডে আৰু অনিত পদ্দাৰ ‘ছাইয়াৰা’। একে সময়তে তৃপ্তী ডিমৰি আৰু সিদ্ধান্ত চতুৰ্বেদীৰ ‘ধড়ক ২’ ছবিগৃহত দেখা গৈছে যদিও বক্স অফিচত ইয়াৰ অৱস্থা অতি দুৰ্বল। ইয়াৰ সমান্তৰালকৈ হৃতিক ৰোশনৰ ‘ৱাৰ ২’ আৰু ৰজনীকান্তৰ ‘কুলি’ও ১৪ আগষ্টত মুক্তি লাভ কৰিছে, যাৰ ফলত প্ৰতিযোগিতা আৰু অধিক কঠিন হৈ পৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
