
নগাঁও, ১৩ আগষ্ট (হি.স.): ড্ৰাগছৰ ঘাটি হিচাপে খ্যাত জুৰীয়াৰ উদমাৰীত আৰক্ষীৰ অভিযান চলে। জুৰীয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত কালি নিশা চলা অভিযানত ড্ৰাগছসহ আটক হয় কুখ্যাত মহিলা ড্ৰাগছ সৰবৰাহকাৰী ।
ধৃত মহিলা সৰবৰাহকাৰীজনী হৈছে উদমাৰীৰ আছমা খাতুন। মহিলা গৰাকীৰ পৰা জব্দ কৰা হয় ১১৯ গ্ৰাম পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ। দীৰ্ঘ দিন ধৰি নিষিদ্ধ ড্ৰাগছৰ সৰবৰাহ কৰি সমাজ কলুষিত কৰা কুখ্যাত আছমা খাতুনক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰিছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
