হৃতিক ৰোশন আৰু জুনিয়ৰ এন টি আৰ অভিনীত ছবি ‘ৱাৰ-২’ মুক্তিৰ বাবে এতিয়া মাত্ৰ কেইটামান দিন বাকী। ১৪ আগষ্টত চিনেমাগৃহত মুক্তি পাবলগীয়া এই ছবিখনক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উন্মাদনা।
‘ৱাৰ-২’ৰ মুক্তিক গ্ৰেণ্ড কৰি তুলিবলৈ প্ৰযোজকসকলে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তেওঁলোকে দেশৰ বিভিন্ন প্ৰান্তৰ থিয়েটাৰলৈ প্ৰয়োজনীয় তালিকা এখন প্ৰেৰণ কৰিছে। একক পৰ্দাৰ চিনেমাগৃহসমূহক স্পষ্ট নিৰ্দেশনা দিয়া হৈছে যে তেওঁলোকে আন কোনো ছবি প্ৰদৰ্শন নকৰে আৰু ‘ৱাৰ২’ সম্পূৰ্ণৰূপে প্ৰদৰ্শন কৰিব। দুখন আৰু তিনিখন পৰ্দা থকা ছবিগৃহতো একে নিয়ম প্ৰযোজ্য হ’ব। যশ ৰাজ ফিল্মছেও সিদ্ধান্ত লৈছে যে ‘ৱাৰ ২’ৰ কমেও ১২টা শ্ব’ দুখন পৰ্দাৰ ছবিগৃহত বাধ্যতামূলকভাৱে চলিব।
খবৰ অনুসৰি তিনিখন পৰ্দা থকা চিনেমা হলত দৈনিক কমেও ১৮টা ‘ৱাৰ২’ৰ শ্ব’ প্ৰদৰ্শন কৰিব লাগিব। ৪, ৫ আৰু ৬ স্ক্ৰীণ থকা মাল্টিপ্লেক্সসমূহে দৈনিক ২১, ২৭ আৰু ৩০টা শ্ব’ চলাব লাগিব। ৭ স্ক্ৰীণ মাল্টিপ্লেক্সত এই সংখ্যা ৩৬ হ’ব, আনহাতে ৮ স্ক্ৰীণ মাল্টিপ্লেক্সত ৪২ টা স্ক্ৰীণ কৰিব লাগিব, ৯ টা স্ক্ৰীণত ৪৮ টা স্ক্ৰীণ কৰিব লাগিব আৰু ১০ বা তাতকৈ অধিক স্ক্ৰীণ থকা মাল্টিপ্লেক্সে দৈনিক কমেও ৫৪ টা শ্ব’ স্ক্ৰীণ কৰিব লাগিব। অয়ন মুখাৰ্জী পৰিচালিত এই একচন এণ্টাৰটেইনাৰ ছবিখনত কিয়াৰা আদৱানীয়েও অভিনয় কৰিছে ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
