গুৱাহাটী, ১১ আগষ্ট (হি.স.)। গুৱাহাটী আৰক্ষীৰ গৰকুক থানাৰ দলটোৱে জ্যোতিকুছি ধাপালিয়া অঞ্চলত অভিযান চলাই ৯ কেজি গাঞ্জা উদ্ধাৰ কৰিছে। ইয়াৰ লগতে তিনিজন যুৱকক আটক কৰে।
ধৃত অভিযুক্ত কেইজন মাজাহিদুল ইছলাম, আনোৱাৰ হুছেইন আৰু অনাৰুল ইছলাম বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে তেওঁলোকৰ পৰা এএছ ১৩ এছ ৪৫৭২ আৰু এএছ ১৩ টি ৮১৭৬ নম্বৰৰ দুখন বাইক জব্দ কৰিছে।
ডিচিপি পদ্মনাভ বৰুৱাৰ নেতৃত্বত চলোৱা এই অভিযানৰ সময়ত অভিযুক্ত যুৱককেইজনে দলগাঁৱৰ পৰা জ্যোতিকুছিলৈ গাঞ্জা খিনি বিক্ৰীৰ বাবে অনাৰ কথা পোহৰলৈ আহে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
