বেংগালুৰু, ১০ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বেংগালুৰুৰ কে এছ আৰ ৰে’লৱে ষ্টেচনত বেংগালুৰু-বেলগাঁও নতুন ‘বন্দে ভাৰত’ ৰে’লকে ধৰি তিনিখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰীয়ে বেংগালুৰু মেট্ৰ’ৰ হালধীয়া লাইনৰ মেট্ৰ’কো ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰীয়ে ৰে’ল আৰু মেট্ৰ’ৰে যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে।
দেওবাৰে পুৱা বেংগালুৰুৰ কে এছ আৰ ৰে’ল ষ্টেচনত প্ৰধানমন্ত্ৰী মোদীয়ে তিনিখন দীৰ্ঘ দূৰত্বৰ বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে। প্ৰধানমন্ত্ৰীয়ে ষ্টেচনত বেংগালুৰু-বেলগাম বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰাৰ বিপৰীতে শ্ৰী মাতা বৈষ্ণো দেৱী কাত্ৰ-অমৃতসৰ আৰু আজনী (নগপুৰ)-পুনে বন্দে ভাৰত সেৱাৰ ভাৰ্চুৱেল ফ্লেগ অফ কৰে। বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰাৰ পিছত প্ৰধানমন্ত্ৰীয়ে ৰে’লত যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।
ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে কে এছ আৰ ৰেলৱে ষ্টেচনৰ পৰা পথেৰে ৰাগিগুড্ডা মেট্ৰ’ ষ্টেচনত উপস্থিত হয় আৰু মেট্ৰ’ ষ্টেচনত কিউ আৰ ক’ড স্কেন কৰি টিকট লয়। প্ৰধানমন্ত্ৰী মোদীয়ে বাংগালুৰু মেট্ৰ’ ফেজ-২ প্ৰকল্পৰ অধীনত আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা বোম্মাচন্দ্ৰলৈ হালধীয়া লাইন মেট্ৰ’ উদ্বোধন কৰে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে ১৯.১৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ১৬টা ষ্টেচন থকা আৰু ৫,০৫৬.৯৯ কোটি টকা ব্যয় কৰা এই পথেৰে ইলেক্ট্ৰনিকছ চিটি ষ্টেচনলৈ যাত্ৰা কৰে। এই যাত্ৰাত মোদীয়ে মেট্ৰ’ত যাত্ৰা কৰা ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে। মেট্ৰ’ত যাত্ৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে উপস্থিত থাকে।
ৰাগিগুড্ডা মেট্ৰ’ ষ্টেচনত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে প্ৰধানমন্ত্ৰীক হালধীয়া লাইন মেট্ৰ’ ষ্টেচনৰ বিষয়ে অৱগত কৰে। ইয়াৰ পূৰ্বে পথেৰে ৰাগিগুড্ডা মেট্ৰ’ ষ্টেচনলৈ যোৱাৰ পথত জনসাধাৰণ আৰু বিজেপি কৰ্মীসকলে প্ৰধানমন্ত্ৰীৰ বাহনত ফুলৰ বৰষুণ দি আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যসূচীত ৰাজ্যপাল থাৱাৰ চান্দ গেহলট, মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকলে অংশগ্ৰহণ কৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
