নতুন দিল্লী, ০৯ আগষ্ট (হি.স.)। অৰুণ জেটলী ষ্টেডিয়ামত শুকুৰবাৰে নিশা অনুষ্ঠিত হোৱা দিল্লী প্ৰিমিয়াৰ লীগ (ডি পি এল)ৰ উচ্চ স্ক’ৰিং মেচত পূৰণি দিল্লী ৬য়ে এক চমকপ্ৰদ অল ৰাউণ্ড খেল প্ৰদৰ্শন কৰি নতুন দিল্লী টাইগাৰছক ১০ ৰানত পৰাস্ত কৰে।
প্ৰথমে বেটিং কৰি পূৰণি দিল্লী ৬ দলে ২০ অভাৰত ৬ উইকেটত ২০০ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ সমৰ্থ ছেথে ৪৬টা বলত ৮০ ৰানৰ এক সুন্দৰ ইনিংছ খেলিছিল, য’ত উৎকৃষ্ট টাইমিং আৰু দ্ৰুত ৰানৰ হাৰ দেখা গৈছিল। তেওঁ প্ৰণৱ পন্তৰ পৰা গুৰুত্বপূৰ্ণ সমৰ্থন লাভ কৰে (৪৬ ৰান, ৩৬ বল), আনহাতে বংশ বেদীয়ে মাত্ৰ ৯ বলত ৩১ ৰানৰ ধুমুহাময় ইনিংছ খেলি স্ক’ৰ ২০০লৈ লৈ যায়। বলিঙত টাইগাৰছৰ পংকজ জছৱালে ৪ অভাৰত ২৮ ৰানত ৩ উইকেট দখল কৰে।
ইয়াৰ উত্তৰত নতুন দিল্লী টাইগাৰছৰ আৰম্ভণি ভাল নহ’ল আৰু প্ৰাৰম্ভিৰ উইকেট শীঘ্ৰে আউট হয় ৷ ইয়াৰ পাছতে শিৱম গুপ্তা (৩৯ ৰান, ২৪ বল) আৰু বৈভৱ ৰাৱালে (৬২ ৰান, ৩৫ বল) তৃতীয় উইকেটৰ বাবে ৫৫ ৰান সংযোজন কৰি দলটোক খেলখনত ৰাখিছিল। কিন্তু শেষৰ অভাৰত পুৰণি দিল্লী ৬ৰ বলাৰসকলে সঠিক লাইন-লেংথেৰে প্ৰত্যাৱৰ্তন কৰে।
দলটোৰ তাৰকা বলাৰ তথা বেঙুনীয়া ৰঙৰ কেপ ধাৰী উদ্ধৱ মোহনে পুনৰবাৰ চাপত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ৪ অভাৰত ২৯ ৰানত ২ উইকেট দখল কৰে, যাৰ বাবে দলটোৱে ১০ ৰানত জয়লাভ কৰে।
চমু স্ক’ৰ – পূৰণি দিল্লী ৬: ২০০/৬ (সমৰ্থ ছেঠ ৮০, প্ৰণৱ পন্ত ৪৬, পংকজ জছৱাল ৩/২৮)
নতুন দিল্লী টাইগাৰছ: ১৯০/৭ (বৈভৱ ৰাৱাল ৬২, শিৱম গুপ্ত ৩৯, উদ্ধৱ মোহন ২/২৯)
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
