–তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ বঁটা
ধেমাজি, ০১ আগষ্ট (হি.স.)। অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, অসমৰ শিক্ষা প্ৰশাসনৰ কেইবাটাও মুৰব্বী আসন দক্ষতাৰে অলংকৃত কৰোঁতা, আনন্দৰাম বৰুৱা ভাষা গৱেষণা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক সঞ্চালক, বিশিষ্ট ভাষাবিদ, মিচিং ভাষাৰ পিতৃ স্বৰূপ অধ্যাপক টাবুৰাম টাইদ দেৱৰ স্মৃতিত গোগামুখস্থিত তেখেতৰ সমাধিক্ষেত্ৰত টাবুৰাম টাইদ সোঁৱৰণী সংগ্ৰাহলয় আৰু পুথিভঁৰালৰ আজি শুভ উদ্বোধন কৰা হয়। উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে।
টাবুৰাম টাইদৰ সমাধিক্ষেত্ৰত স্মৃতি তৰ্পণ কৰে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি টাবুৰাম টাইদ সোঁৱৰণী সাহিত্য বঁটা আগবঢ়োৱা হয় য়েচে দৰজে ঠংছিলৈ । টাবুৰাম টাইদ সোঁৱৰণী মিচিং সাহিত্য বঁটা আগবঢ়োৱা হয় ডা: বিদ্যেশ্বৰ দলেলৈ, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা গুৱাহাটীৰ পংকজ কুমাৰ দত্তলৈ আগবঢ়োৱা হয় ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
