
হোজাই, ০১ আগষ্ট (হি.স.)। হোজাইৰ নীলবাগানৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত চাৰিটাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰসহ আটক হয় এটা সৰবৰাহকাৰী।
ধৃত সৰবৰাহকাৰীটো মোৰাঝাৰৰ পূৱ বান্দৰ মেলা গাঁৱৰ আফজল হুছেইন বুলি পৰিচয় পোৱা গৈছে। ইপিনে আৰক্ষীৰ অভিযানৰ সময়ত আন দুটা সৰবৰাহকাৰীয়ে পলায়ন কৰে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
