নতুন দিল্লী, ০১ আগষ্ট (হি.স.)। আগষ্ট মাহৰ প্ৰথম দিনটোত আজি ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। সোণৰ মূল্য আজি ৪২০ৰ পৰা ৪৭০ টকালৈ সস্তা হৈছে। একেদৰে আজি ৰূপৰ মূল্যও ২২০০ টকা হ্ৰাস পাইছে। মূল্য হ্ৰাস পোৱাৰ বাবে আজি দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,০০,০২০ টকাৰ পৰা ১,০০,১৭০ টকাৰ স্তৰত ব্যৱসায় কৰা হৈছে। একেদৰে ২২ কেৰেটৰ সোণো আজি প্ৰতি ১০ গ্ৰামত ৯১,৬৯০ টকাৰ পৰা ৯১,৮৪০ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে। সোণৰ দৰেই ৰূপৰ মূল্য হ্ৰাস পোৱাৰ বাবে আজি দিল্লীৰ অলংকাৰ বজাৰত এই চিকচিকিয়া ধাতু প্ৰতি কেজিত ১,১৪,৯০০ টকাৰ মাত্ৰাত বিক্ৰী হৈছে।
দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য ১,০০,১৭০ টকা প্ৰতি ১০ গ্ৰামত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৮৪০ টকা ৰেকৰ্ড কৰা হৈছে। একে সময়তে দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত ২৪ কেৰেট সোণ ১০ গ্ৰামত ১,০০,০২০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৬৯০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,০৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৭৪০ টকা। এই ডাঙৰ চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণ ১০ গ্ৰামত ১,০০,০২০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৬৯০ টকাত বিক্ৰী কৰা হৈছে।
কলকাতাতো ২৪ কেৰেট সোণৰ মূল্য ১,০০,০২০ টকা আৰু প্ৰতি ১০ গ্ৰামত ২২ কেৰেট সোণৰ মূল্য ৯১,৬৯০ টকা। লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,১৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮৪০ টকাৰ স্তৰত বিক্ৰী কৰা হৈছে। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,০০,০৭০ টকাৰ স্তৰত থকাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৯১,৭৪০ টকাৰ স্তৰত বিক্ৰী হৈছে।
জয়পুৰত ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০০,১৭০ টকা আৰু ২২ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯১,৮৪০ টকাৰ স্তৰত বিক্ৰী কৰা হৈছে। দেশৰ আন ৰাজ্যৰ দৰে আজিও কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰত সোণৰ মূল্য সস্তা হৈ পৰিছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত আজি প্ৰতি ১০ গ্ৰামত ২৪ কেৰেট সোণৰ মূল্য ১,০০,০২০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ৯১,৬৯০ টকাত বিক্ৰী হৈছে।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
