–বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাসাৎ বসুমাতাৰীয়ে ইউ পি প এল আৰু প্ৰমোদ বড়োক তীব্ৰ সমালোচনা
–বিপিএফৰ চৰকাৰ আহাৰ লগে লগে বৰ্তমানৰ সৰকাৰে কৰা দুৰ্নীতিৰ তদন্ত কৰা হব : বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাসাৎ বসুমাতাৰী
কোকৰাঝাৰ, ৩১ জুলাই (হি.স.): বিটিচিত পাৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আন ৰাজনৈতিক দলৰ লগতে তৎপৰ হৈছে বিপিএফ দলেও। যোৱাকালি বুধবাৰে বিয়লি ফকিৰাগ্ৰাম ব্লক সমিতিৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়। ফকিৰাগ্ৰাম ব্লক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ফজল হকৰ সভাপতিত্ব অনুষ্ঠিত সভাত বিপিএফৰ বেংগলী কোষৰ নেতৃত্বত ৭৫ জনীয়া ফকিৰাগ্ৰাম ব্লক বিপিএফৰ বেংগলী কোষৰ গঠন কৰা হয়।
উক্ত সভাত বিপিএফৰ কোকৰাঝাৰ জিলা সভাপতি দেৰহাসাৎ বসুমাতাৰী, বিপিএফৰ বেংগলী কোষৰ সভাপতি প্ৰবিৰ স্যানাল, বিপিএফৰ সংখ্যালঘু কোষৰ কেন্দ্রীয় সভাপতি সুলতান আলম, বিপিএফ দলৰ কোচৰাজবংশী কোষৰ সাধাৰণ সম্পাদক দ্বিপন অধিকাৰীৰ, বি এছ ইউ, যুৱ বিপিএফৰ লগতে বিপিএফ বিভিন্ন নেতা কৰ্মী সকলৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
