
গুৱাহাটী, ১৫ জুলাই (হি.স.)। ডিমৰীয়াৰ টোপাতলীত নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত যোৱাকালি সোমবাৰে বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । বড়ো জাতিৰ ঐক্য আৰু সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে অসমৰ ২২খন জিলাত উদযাপিত হয় এই বিশেষ কাৰ্যসূচী। ইয়াৰ লগত সংগতি ৰাখি টোপাতলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে উলিওৱা হ’য় এক পদযাত্ৰা।
বড়ো জনজাতীয় সাজ-পাৰ পৰিধানেৰে যুৱক-যুৱতী, মহিলা সকলে অংশগ্ৰহণ কৰে এই পদযাত্ৰাত। কাৰ্যসূচীত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক বিৰখাং নাৰ্জাৰী, সহকাৰী ক্ৰীড়া সম্পাদক পূৰ্ণ বড়ো, এবছুৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি অভিনাশ নাৰ্জাৰী আৰু সম্পাদক মুন বড়োৰ লগতে ডিমৰীয়া আঞ্চলিক এবছুৰ সভাপতি অজিত খাকলাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়াববীয়া।
—————
হিন্দুস্থান সমাচাৰ / Narayan Kar
