তিনিচুকিয়া, ১৪ জুলাই (হি.স.)। মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি পদত মুনমী গগৈ নিৰ্বাচিত l সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ পাছত আজি মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি নিৰ্বাচন অনুষ্ঠিত হয়। মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত অনুষ্ঠিত অনুষ্ঠানত ১৩খন পঞ্চায়তৰ নিৰ্বাচিত আঞ্চলিক পঞ্চায়ত সদস্য সদস্যাৰ পৰা সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়।
সদস্য সকলে সৰ্বসন্মতিক্ৰমে বৰগোলাই পঞ্চায়তৰ পৰা নিৰ্বাচিত হোৱা আঞ্চলিক পঞ্চায়ত সদস্য মুনমী গগৈক মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়তৰ সভাপতি পদত মনোনীত কৰে। দ্বিতীয় বাৰৰ বাবে মাৰ্ঘেৰিটা আঞ্চলিক পঞ্চায়ত সদস্য হিচাপে নিৰ্বাচিত হৈ সভাপতি পদত মনোনীত হয়।
আনহাতে ৰাজেন্দ্ৰ ৰায় উপ সভাপতি হিচাপে নিৰ্বাচিত হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
