নতুন দিল্লী, ১৪ জুলাই (হি.স.)। ভাৰতীয় এথলেটিকছৰ তাৰকা তথা এছিয়ান ১০০ মিটাৰ হাৰ্ডলছ চেম্পিয়ন জ্যোতি ইয়াৰাজীৰ সোঁ আঁঠুৰ এণ্টেৰিয়ৰ ক্ৰুচিয়েট লিগামেণ্ট (এচিএল)ৰ আঘাতৰ বাবে অস্ত্ৰোপচাৰ কৰা হৈছে। দেওবাৰে ইনষ্টাগ্ৰাম যোগে এই কথা স্বয়ং য়াৰাজীয়ে নিশ্চিত কৰে।
প্ৰশিক্ষণৰ সময়ত এই আঘাতৰ সন্মুখীন হয় ইয়াৰাজী। ইনষ্টাগ্ৰামত এই তথ্য শ্বেয়াৰ কৰি তেওঁ কয় যে শুকুৰবাৰে ডাঃ দিনশ্ব’ পাৰ্দিৱালাৰ সৈতে মোৰ সোঁ আঁঠুৰ এচিএল অস্ত্ৰোপচাৰ সফলতাৰে কৰা হৈছে বুলি জনাবলৈ পাই সুখী হৈছো।
তেখেতে আৰু কয় যে যোৱা কেইসপ্তাহমান মোৰ বাবে অতি কঠিন হৈ পৰিছে, কিয়নো এই আঘাতে মোক আটাইতকৈ ভাল পোৱা বস্তুটোৰ পৰা আঁতৰাই ৰাখিছে।
মন কৰিবলগীয়া যে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ইয়াৰাজীয়ে ১২.৯৬ ছেকেণ্ড সময়েৰে স্বৰ্ণ পদক লাভ কৰে। যদিও তেওঁ স্বয়ংক্ৰিয়ভাৱে বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰয়োজনীয় ১২.৭৩ ছেকেণ্ডৰ সময়তকৈ পিছ পৰি ৰৈছিল, তথাপিও ৰেংকিঙৰ ভিত্তিত অৰ্হতাৰ দৌৰত আছিল।
বৰ্তমান ৰেংকিং কোটাৰ অধীনত যোগ্য খেলুৱৈৰ ভিতৰত ১২ নম্বৰ স্থানত আছিল আৰু ২৪ আগষ্টৰ সময়সীমাৰ পূৰ্বে অধিক ইভেণ্টত অংশগ্ৰহণ কৰি নিজৰ স্থান বজাই ৰাখিব লগা হৈছিল। কিন্তু এতিয়া আঘাত আৰু অস্ত্ৰোপচাৰৰ বাবে ২০২৫ চনৰ বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰাটো অনিশ্চিত বুলি গণ্য কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
