কাঠমাণ্ডু, ১৩ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ মন্ত্ৰীসভাৰ সাধাৰণ প্ৰশাসন আৰু ফেডাৰেল পৰিক্ৰমা মন্ত্ৰী ৰাজকুমাৰ গুপ্তাৰ বিৰুদ্ধে ৭৮ লাখ টকাৰ উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে এগৰাকী মহিলা আৰু এজন পুৰুষৰ মাজত হোৱা বাৰ্তালাপৰ অডিঅ’ সম্প্ৰতি বিভিন্ন ছ’চিয়েল মিডিয়া আৰু অনলাইন নিউজ পৰ্টেলত ভাইৰেল হৈ আছে। নেপালৰ দুৰ্নীতি বিৰোধী ব্যুৰোৱে ইয়াৰ তদন্ত আৰম্ভ কৰিছে।
অডিঅ’টোত চৰকাৰী নিযুক্তি আৰু বদলি বন্ধ কৰাৰ বিনিময়ত ৭৮ লাখ টকাৰ উৎকোচ দাবী কৰাৰ কথা উল্লেখ আছে। যদিও প্ৰায় ১০ মিনিটৰ এই অডিঅ’টোৰ সত্যতা এতিয়াও পৰীক্ষা হোৱা নাই, তথাপিও পোহৰলৈ আহিছে যে মন্ত্ৰী ৰাজকুমাৰ গুপ্তাই জিলা ভূমি আয়োগৰ অধ্যক্ষ পদত নিযুক্তিৰ বাবে ২৫ লাখ টকা দাবী কৰিছে। একেদৰে সাধাৰণ প্ৰশাসন মন্ত্ৰালয়ৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰীৰ বদলি বন্ধ কৰিবলৈ ৫৩ লাখ টকাৰ উৎকোচ দাবী কৰাটোও এই ভাইৰেল অডিঅ’ত শুনা যায়।
দুৰ্নীতি বিৰোধী ব্যুৰোৰ আয়ুক্ত জয় বাহাদুৰ চন্দ্ৰই কয় যে ছ’চিয়েল মিডিয়াত ভাইৰেল অডিঅ’ সন্দৰ্ভত ব্যুৰোলৈ লিখিত অভিযোগ পোৱা গৈছে। এই গোচৰৰ তদন্ত আৰম্ভ কৰা হৈছে আৰু অভিযোগ অনুসৰি অডিঅ’ তদন্তৰ বাবে ফৰেনছিক লেবলৈ প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়।
এই অডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিৰোধী দলকে ধৰি শাসকীয় দলৰ নেতাসকলেও সাধাৰণ প্ৰশাসন মন্ত্ৰী ৰাজকুমাৰ গুপ্তাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে।
বিৰোধী দল মাওবাদীৰ মুখপাত্ৰ অগ্নি সাপকোটাই প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক কেবিনেট সতীৰ্থ ৰাজকুমাৰ গুপ্তাক বৰ্খাস্ত কৰিবলৈ দাবী জনাইছে। সাপকোটাই কয় যে ভাইৰেল অডিঅ’ত ৰাজকুমাৰ গুপ্তাৰ কণ্ঠ স্পষ্ট হৈ পৰিছে আৰু যদি ঘোচ লোৱাৰ বিষয়টো পোহৰলৈ অহাৰ পিছত মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰা নাই, তেন্তে প্ৰধানমন্ত্ৰীয়ে তৎক্ষণাত তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে। একেদৰে শাসকীয় দল নেপালী কংগ্ৰেছেও নৈতিক ভিত্তিত ৰাজকুমাৰ গুপ্তাৰ পদত্যাগৰ দাবী জনাই সাধাৰণ প্ৰশাসন মন্ত্ৰী ৰাজকুমাৰ গুপ্তাৰ লগতে বহু দলীয় নেতাই পৃথক পৃথক বক্তব্য প্ৰদান কৰিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
