ধুবুৰী, ০৯ জুলাই (হি.স.)। আজি আগমনি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত ভামনডাঙা গাওঁ পঞ্চায়তৰ শপত গ্ৰহণ। শপত গ্ৰহণৰ পূৰ্বে সভাপতি আৰু উপ সভাপতি পদক লৈ দুই ফৈদৰ মাজত মাৰপিট। মাৰপিটত পাঁচ গৰাকী সদস্য সদস্যাক কঢ়িয়াই অনা বাহনক আক্ৰমণ। আক্ৰমণত এই এছ ০১ ই জেদ ৭৯৯৮ নম্বৰৰ আৰটিকা বাহনৰ ক্ষতিসাধন। সভাপতি আৰু উপ সভাপতি পদত দুজনকৈ প্ৰাৰ্থী হোৱাত টচ অনুষ্ঠিত হয়। টচত সভাপতি পদত মনিষা খাতুন আৰু উপ সভাপতি পদত নুৰ হুচেইন আলীয়ে জয়লাভ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
