আনন্দ, ০৯ জুলাই (হি.স.)। গুজৰাটৰ আনন্দ জিলাৰ বছৰ বছৰ ধৰি পুৰণি গম্ভীৰ দলঙত এক বৃহৎ দুৰ্ঘটনা সংঘটিত হয়। এই দলংখন ভাঙি পৰাৰ বাবেই পাৰ হৈ যোৱা দুখন ট্ৰাক আৰু এখন বলেৰোকে ধৰি চাৰিখন বাহন মহিসাগৰ নদীত বাগৰি পৰে। এই সময়ছোৱাত তিনিজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজনক স্থানীয় নাগৰিক আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে।
পাদ্ৰা আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয়। স্থানীয় সাঁতোৰবিদৰ সহায়ত বাহনসমূহত থকা লোকসকলক তালাচী চলায়। এই সময়ছোৱাত ওচৰৰ গাঁও যেনে মুজপুৰ আদিৰ পৰা মানুহ তাত উপস্থিত হৈছিল। কোৱা হৈছে যে ১৯৮১ চনৰ পৰা এই দলংখন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল আৰু ১৯৮৫ চনত সাধাৰণ জনতাৰ বাবে মুকলি কৰা হৈছিল। কিছু বছৰৰ পৰা এই দলংখন জৰাজীৰ্ণ হৈ পৰিছিল।
এই দলংখন ভাঙি পৰাৰ বাবে বদোদৰা, ভাৰুচ আৰু অংকলেশ্বৰৰ সৈতে আনন্দৰ প্ৰত্যক্ষ সংস্পৰ্শ ভাঙি গৈছে। এই দলংখন ‘আত্মহত্যা বিন্দু’ হিচাপে কুখ্যাত হৈ আহিছে। স্থানীয় ৰাইজৰ সজাগতা আৰু তৎপৰতাৰ বাবে তিনিজন লোকক জীৱিত অৱস্থাত নদীৰ পৰা সফলতাৰে উদ্ধাৰ কৰা হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
