দৰং, ০৮ জুলাই (হি.স.)। ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ আৰু প্ৰকৃতি প্ৰেমী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকৰ উদ্যোগত গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰ অনুষ্ঠিত। ৭৬ সংখ্যক বন মহোৎসৱৰ সামৰণিৰ পিছতেই সোমবাৰৰপৰা এই গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰৰ আয়োজন কৰা হৈছে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া বিদ্যালয় সমূহৰ ছাত্র ছাত্ৰীক সাধাৰণ শিক্ষাৰ লগতে বন্য জীৱ জন্তুৰ লগত চিনাকি কৰি দি সেই বোৰ সংৰক্ষণৰ ব্যৱস্থাৰ ওপৰত তেওঁলোকক পাঠ দান কৰা হয়।
বিগত ৪ বছৰ ধৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ সমীপত থকা বিদ্যালয় সমূহৰ ছাত্র ছাত্ৰীক তেওঁলোকে বন্য প্ৰাণীৰ বিষয়ে জ্ঞান দি আহিছে।এই শিবিৰত অংশ লোৱা ছাত্র ছাত্ৰীয়ে বিগত মেট্ৰিক পৰীক্ষাত ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰে বন বিষয়া গৰাকীয়ে। আনহাতে ছাত্র ছাত্ৰী সকলেও নিজে উপকৃত হোৱা বুলি প্ৰকাশ কৰে।এই গ্ৰীষ্মকালীন প্ৰকৃতি শিবিৰে ছাত্র ছাত্ৰী সকলৰ মাজত প্ৰকৃতি আৰু জীৱ জন্তুৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি সকলোৰে আশা।ইয়াৰ পূৰ্বে বন মহোৎসৱ উপলক্ষে কুইজ প্ৰতিযোগিতাৰ আয়োজন কৰে লগতে গছ পুলি বিতৰণ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
